বৰপেটা,৯ চেপ্টেম্বৰঃ বহুত আশা আৰু অজস্ৰ সপোন বুকুত বান্ধি এগৰাকী সু-শিক্ষিত সু-নাগৰিক হোৱাৰ ইচ্ছাৰে পাঠশালা চিনিয়ৰ চেকেণ্ডাৰী স্কুললৈ অহা প্ৰতিগৰাকী শিক্ষাৰ্থীক আজি অনুষ্ঠিত হোৱা “নৱাগত আদৰণি সভা”ত অংশগ্ৰহন কৰে কেবিনেট মন্ত্ৰী ৰনজিত কুমাৰ দাসে। তেওঁ নৱাগত আদৰণি সভাৰ জৰিয়তে আন্তৰিক শুভকামনা জনোৱাৰ লগতে অধ্যয়ন হৈছে এক প্ৰকাৰৰ তপস্যা বুলি কয় ৷ আৰু এই কঠোৰ তথা সঠিক ৰূপত অধ্যয়ন কৰিলেহে সফলতা লাভ কৰিব পাৰি ৷ সেয়েহে, আজি নৱাগত আদৰণিৰ এই বিশেষ দিনটোতে পাঠশালা চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ ন-পুৰণি সকলো শিক্ষাৰ্থীক সু-শিক্ষিত হোৱাৰ লক্ষ্য বান্ধি ল’বলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ৷ ইপিনে আজি বজালী জিলাৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত অৰ্থাৎ মন্ত্ৰী দাসৰ নিজা সমষ্টি পাটাছাৰকুছিৰ অন্তৰ্গত উত্তৰ-পূৱ বজালী মণ্ডলৰ বিভিন্ন ঠাইৰ বিশেষ ভাৱে সক্ষম ব্যক্তিসকলক সঁজুলি বিতৰণ কৰি নথৈ আনন্দিত হয় মন্ত্ৰী দাসে ৷ ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগ আৰু YRR ট্ৰাষ্টৰ সহযোগিতাৰে এই “সঁজুলি বিতৰণ অনুষ্ঠান” টি সফলভাৱে ৰূপায়ণ কৰা হয়। আৰু বিশেষভাৱে সক্ষম ব্যক্তি সকলক আজি প্ৰদান কৰা এই সঁজুলিসমূহে তেওঁলোকৰ জীৱন-যাপনৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে সহায় আগবঢ়াব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰিছে ৷ আনহাতে আজি কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱত আৰু কেন্দ্ৰীয় পঞ্চায়তী ৰাজ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী গিৰিৰাজ সিংৰ সৈতে “স্বচ্ছতাই সেৱা” শীৰ্ষক কাৰ্যসূচীৰ ওপৰত হোৱা এক পৰ্যালোচনা বৈঠকত ভাৰ্চুৱেলি অংশগ্ৰহণ কৰে মন্ত্ৰী দাসে ৷ উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ নেতৃত্বত অহা ১৫ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰ পৰ্যন্ত সমগ্ৰ দেশজুৰি “স্বচ্ছতাই সেৱা” অভিযান কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব ৷ সেই উপলক্ষে আজি অনুষ্ঠিত এই ভাৰ্চুৱেল বৈঠকত ৰাজ্যৰ প্ৰতিখন গাঁৱত শ্ৰমদানৰ জৰিয়তে পৰিষ্কাৰ-পৰিচ্ছন্নতা বৰ্তাই ৰখাৰ লগতে আন কিছু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয় ৷ দুয়োগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে তেওঁলোকৰ বহুমূলীয়া দিহা-পৰামৰ্শৰে মাৰ্গ দৰ্শন দিয়ে বুলি জানিব পৰা গৈছে ৷