নিউজ ডেক্স,৯ ছেপ্তেম্বৰঃ বৃটেইনৰ ৰাণী এলিজাবেথ দ্বিতীয়ই বৃহস্পতিবাৰে ৯৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। বিগত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা অসুস্থ হৈ আছিল ৰাণী এলিজাবেথ দ্বিতীয়। বাকিংহাম পেলেচে নিশ্চিত কৰিছে ৰাণী এলিজাবেথ দ্বিতীয় মৃত্যুৰ তথ্য ৷ ইয়াৰ লগতে ১ দিনৰ ৰাষ্ট্ৰীয় শোকৰো ঘোষণা কৰে বাকিংহাম পেলেচে। ৰাণী এলিজাবেথ দ্বিতীয়ই বৃটিছ ইতিহাসৰ আটাইতকৈ দীঘলীয়া সময়ৰ বাবে ৰাজত্ব কৰা গৌৰৱ অৰ্জন কৰিছে ৷ বাকিংহাম পেলেচে বৃহস্পতিবাৰে সন্ধিয়া ৬.৩০ বজাত এক বিবৃতি প্ৰকাশ কৰি ৰাণীৰ মৃত্যুৰ কথা উল্লেখ কৰে ৷ ৰাণী এলিজাবেথ দ্বিতীয় এই সময়চোৱা চিকিৎসকৰ তত্বাৱধানত আছিল ৷ ইয়াৰ পাছত বিয়লি চিকিৎসকে তেওঁৰ মৃত্যুৰ কথা উল্লেখ কৰাৰ পাছতেই বাকিংহাম পেলেচে এই তথ্য প্ৰকাশ কৰে।
বিবৃতি অনুসৰি ৰাণী এলিজাবেথ দ্বিতীয়ৰ স্কটিছ ইষ্টেট, বালম’ৰেল কেচেলত মৃত্যু হয় । বৃহস্পতিবাৰে নিশাটো তেওঁৰ নশ্বৰদেহ বালম’ৰেলত ৰখাৰ পাছত শুকুৰবাৰে তেওঁক লণ্ডনলৈ অনা হ’ব ৷ ৰাণীৰ নশ্বৰদেহ লণ্ডনলৈ ঘূৰাই অনাৰ পিছত প্ৰায় চাৰিদিন ৱেষ্টমিনষ্টাৰ হলত ৰখা হ’ব । ৱেষ্টমিনষ্টাৰ হলতে তেওঁক গুণমুদ্ধসকলে শেষ শ্ৰদ্ধাঞ্জলি জনাব পাৰিব ৷ ৰাণী এলিজাবেথ দ্বিতীয়ৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাছতেই বিশ্বজুৰি শোকৰ ছাঁ পৰিছে ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰাষ্ট্ৰপতি জো বাইডেন আৰু ফাৰ্ষ্ট লেডী জিল বাইডেনে ৰাণী এলিজাবেথ দ্বিতীয়ৰ মৃত্যুত শোক প্ৰকাশ কৰে ৷ আনহাতে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰোপদ্ৰী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও এলিজাবেথ দ্বিতীয়ৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ৷