শিৱসাগৰ, ৯ চেপ্টেম্বৰঃ আধুনিক পৃথিৱীৰ যানজঁটৰ সমস্যাই জুৰুলা কৰিছে সমগ্ৰ বিশ্বক।তীব্ৰ যান-জঁটৰ বাবেই সন্মুখীন হ’বলগীয়া হয় বিভিন্ন সমস্যাৰ।অসমৰ প্ৰতিখন চহৰতে প্ৰধান সমস্যা ৰূপে দেখা দিয়া যান-জঁটৰ সমস্যাই পথচাৰী অহা-যোৱা ক্ষেত্ৰতে কওক নতুবা গাড়ী চলোৱাৰ ক্ষেত্ৰতে ব্যাপক অসুবিধা সন্মুখীন হ’বলগীয়া হয়।অনুৰূপধৰণে শিৱসাগৰ নগৰৰ প্ৰাণকেন্দ্ৰ দ’লমুখ চাৰিআলি আৰু চেণ্টেল মাৰ্কেটৰ সমীপত যতে ততে পাৰ্কিং কৰাৰ ফলত পথত তীব্ৰ যান জঁট সৃষ্টি হৈ আছে কিন্তু নিৰ্লিপ্ত প্ৰশাসন তথা যান-বাহন আৰক্ষী।যিসময়ত অসম চৰকাৰে পৰিবহণ বিভাগটো সংস্কাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে তেনে সময়ত কৰ্তব্যত নিয়োজিত যান-বাহন আৰক্ষী হেমাহি আৰু গাফিলতি বাবে একাংশ গাড়ী চালকে অবৈধ পাৰ্কিং কৰাৰ লগতে ৰাস্তা মাজতে পাৰ্কিং কৰি নীতি নিয়ম নোহোৱাকৈ ৰখোৱাৰ ফলত শিৱসাগৰ নগৰখনত যান বাহন আইন ধোঁৱা চাঙত উঠিছে।উল্লেখ্য যে অসম চৰকাৰৰ নিৰ্দেশত নথিপত্ৰ বিহীন বাহন আৰু হেলমেট পৰিধান নকৰা চালকৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যখনতে যান-বাহন আৰক্ষীয়ে জৰিমনা লৈ কঠোৰ হৈ পৰিছে তেনে সময়ত শিৱসাগৰ নগৰত তীব্ৰ যান-জঁটৰ সমস্যাই গাড়ী চালক ,ৰোগী নিয়া গাড়ী,বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী,কৰ্মচাৰী,ব্যৱসায়ী আৰু সাধাৰণ পথচাৰী অহা-যোৱা ক্ষেত্ৰত ব্যাপক সমস্যা ৰূপে দেখা দিয়াত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ লগতে আৰক্ষী-প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে ৰাইজে।নগৰখনত আনকি যতে ততে পাৰ্কিং কৰাৰ ফলতো তীব্ৰ যান জঁটৰ সৃষ্টি হৈছে। যান জঁটৰ ফলত ৰাইজ বাৰুকৈয়ে সমস্যাৰ সন্মুখীন হৈছে। শিৱসাগৰ নগৰখনত যেন আইন প্ৰশাসন নমনা হৈ পৰিছে একাংশৰ। আৰক্ষী বা প্ৰশাসনৰ সংশ্লিষ্ট বিভাগে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। শিৱসাগৰ নগৰৰ ব্যস্ততাপূৰ্ণ ঠাই দ’লমুখ চাৰিআলি আৰু চেণ্টেল মাৰ্কেটৰ সমীপত অবৈধভাৱে সৰু-বৰ গাড়ী ৰখোৱাৰ ফলত যান-বাহন আৰক্ষী নীৰৱ দৰ্শকৰ ভূমিকা সন্দেহজনক হৈ পৰিছে।কৰ্তব্যত নিয়োজিত আৰক্ষীয়ে এইক্ষেত্ৰত কোনো পদক্ষেপ নলয়। আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাই বিশেষ তাৎপৰ্য বহন কৰিছে।তদানুসৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো কাষে মালবাহী ট্ৰাক ৰ যান বাহন ৰখাই থোৱাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথ সংকুচিত কৰি ৰুদ্ধ কৰি তুলিছে। সৰু-বৰ বাহন, মালবাহী ট্ৰাক, যাত্ৰীবাহী অটো আদি যতে ততে ৰখাই থোৱাৰ ফলত অধিক যান জঁট সৃষ্টি হৈছে। ৰাষ্ট্ৰীয় ঘাই পথৰ দুয়োকাষে পাৰ্কিং কৰাৰ ফলত ৰোগী, শিক্ষাৰ্থী সকল সমস্যাৰ সন্মুখীন হৈ পৰিছে।যান -জঁট, পথ সংকুচিত হৈ অহাৰ ফলত যান বাহনৰ চলাচলত ব্যাঘাত জন্মাৰ লগতে পথচাৰী চৰম দুৰ্ভোগ ভুগিব লগা হৈছে। শিৱসাগৰ আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকা আৰু প্ৰশাসনৰ নীৰৱতাক ৰাইজে তীব্র ভাষাৰে সমালোচনা কৰিছে। শিৱসাগৰ নগৰৰ দীৰ্ঘদিনৰ যান-জঁটৰ এই সমস্যা সমাধান তথা ওৰ ক্ষেত্ৰত অতি শীঘ্ৰে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰাটো ৰাইজে জিলা প্ৰশাসনৰ ফালৰ পৰা কামনা কৰিছে।