বিজনী, ১৩ ছেপ্তেম্বৰঃ বিজনী মহকুমাৰ অন্তৰ্গত কাৱাটিকাত আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ কৰে এজন প্ৰৱঞ্চক।ফুলকুমাৰী নিবাসী তাপস মণ্ডল নামৰ প্ৰৱঞ্চক জনে বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াৰ ছীল চহী জালিয়াতি কৰি চলাই গৈছিল প্ৰৱঞ্চনাৰ অবৈধ বেহা।আৰক্ষীৰ গোপন খবৰৰ ভিত্তিত চলোৱা অভিযানটো ধৃত তাপস মণ্ডলৰ পৰা ১৩ টাকৈ বিভিন্ন শীৰ্ষ বিষয়াৰ মোহৰ, AS 01EP 9555 নম্বৰৰ এখন এল্টো বাহন, বিভিন্ন ধৰণৰ আপত্তিজনক নথি পত্ৰ জব্দ কৰা হয়। জব্দকৃত মোহৰ সমূহৰ মাজত আছে বিজনীৰ চক্ৰ বিষয়া, বড়োবাজাৰ খণ্ড উন্নয়ন বিষয়া, SSB ৰ 54 নং বেটেলিয়নৰ কামানডেণ্ট অফিচাৰ, ITBP ৰ ছত্তিশগড়তৰ কামাণ্ডিং অফিচাৰ, চিৰাং জিলা কৃষি বিষয়াকে আদি কৰি বিভিন্ন শীৰ্ষ বিষয়াৰ মোহৰ।এই ক্ষেত্ৰত বিজনীৰ আৰক্ষীয়ে 151/22 নম্বৰত গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰা হৈছে ধৃত তাপস মণ্ডলক।