ৰঙিয়া ১৩ ছেপ্তেম্বৰ :- ৰঙিয়া সমষ্টিৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৰঙিয়া আৰক্ষী থানাত অগপৰ এগৰাকী কৰ্মীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে । সামাজিক মাধ্যমত অগপৰ ৰঙিয়াৰ কৰ্মী জয়া কলিতা নামৰ এগৰাকী যুৱতীয়ে বিধায়ক গৰাকীৰ বিৰুদ্ধে পূৰ্বতে জলসিঞ্চন বিভাগত চাকৰি দিয়াৰ নামত ৩লাখ টকা বিচৰা বুলি এক পোষ্ট দিছিল । ২০১৮ চনত ভৱেশ কলিতাই জলসিঞ্চন বিভাগৰ মন্ত্ৰী আছিল । চাকৰি দিয়াৰ নামত বিধায়ক গৰাকীয়ে যুৱতী গৰাকীৰ পৰা ধন বিচৰা বুলি এনেদৰে সামাজিক মাধ্যমত পোষ্ট দিয়াৰ পিছতে আজি জয়া কলিতাৰ বিৰুদ্ধে ৰঙিয়া আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে । জয়া কলিতা নামৰ যুৱতীগৰাকীয়ে পৌৰসভাৰ যোৱা নিৰ্বাচনত ৰঙিয়া ৯ নং ওৱাৰ্ডৰ পৰা নিৰ্বাচন খেলি পৰাজয় হৈছিল । এই সম্পৰ্কত বিধায়ক ভৱেশ কলিতাই কয় যে পৌৰ সভাত পৰাজয় হোৱাৰ পিছত জয়া কলিতা নামৰ যুৱতী গৰাকীয়ে মোৰ বিৰুদ্ধে এনেদৰে ষড়যন্ত্ৰ কৰি আছে । মোৰ বিৰুদ্ধে পুৰণি কথা খুচৰি সামাজিক মাধ্যমত পোষ্ট দিয়া বিষয়টো মই গুৰুত্ব সহকাৰে লৈছো । কোনো প্ৰমাণ নোহোৱা অভিযোগটো সহজ ভাবে নলয় বুলি বিধায়ক কলিতাই উল্লেখ কৰে । সেয়েহে দলীয় কাৰ্যকতাসহ ভৱেশ কলিতাই ৰঙিয়া আৰক্ষী থানাত উপস্থিত হৈ মানহানিৰ গোচৰ তৰাৰ উপৰিও আদালতৰ কাষ চাপিব বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে।অভিযোগ সত্য প্ৰমাণিত হ’লে ৰাজহুৱা জীৱন ত্যাগ কৰিব বুলি ঘোষণা কৰে ভৱেশ কলিতাই।