জামুগুৰিহাট, ৩ ছেপ্টেম্বৰঃ বিশ্বকৰ্মা পূঁজালৈ মাজত মাথোঁ কেইটামান দিন বাকী । জামুগুৰিহাটৰ মৃন্ময় শিল্পী সকল এতিয়া ব্যস্ত হৈ পৰিছে বিশ্বকৰ্মা পূঁজাৰ বাবে মূৰ্তি নিৰ্মাণত । তেনে সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা গৈছে এক উখলমাখল পৰিৱেশ ৷ বিশ্বকৰ্মা পূঁজাৰ মূৰ্তি নিৰ্মাণত ব্যস্ত হৈ পৰিছে ৰাজ্যৰ মৃন্ময় শিল্পী সকল ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলাৰ জামুগুৰিহাটত থকা এখন মা-মনসা শিল্পালয়ত দেখা গৈছে মৃন্ময় শিল্পীসকলৰ ব্যস্ততা ।দিনে নিশাই প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈ পৰিছে মৃন্ময় শিল্পীসকল ৷ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিমা নিৰ্মাণৰ বাবে অৰ্ডাৰ লাভ কৰিছে মৃন্ময় শিল্পীসকলে ৷ মা-মনসা শিল্পালয়ৰ নিৰঞ্জন দাস নামৰ মৃন্ময় শিল্পী গৰাকীয়ে জানিবলৈ দিয়ে যে অন্য বছৰৰ তুলনাত এইবাৰ মূল্য বৃদ্ধি হৈছে প্ৰতিমাৰ ৷চৰকাৰৰ ফালৰ পৰা মৃন্ময় শিল্পীসকলে কোনো ধৰণৰ সহাৰি পোৱা নাই ৷ চৰকাৰী সহায় সুবিধা পালে অনাগত দিনত মৃন্ময় শিল্পী সকলে আৰু বেছিকৈ প্ৰতিমা নিৰ্মাণ কৰিবলৈ পাৰিব বুলি জানিবলৈ দিছে ৷