বৰপেটা , ১৫ ছেপ্টেম্বৰঃ সম্প্ৰতি নিষিদ্ধ ঘোষিত ড্ৰাগছ তথা দুৰ্নীতিৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ সময়তে আৰক্ষী-প্ৰশাসনৰ চকুত ধূলি দি বৰপেটা জিলাৰ অন্তৰ্গত হাউলীৰ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ শাখাত সাধাৰণ ৰাইজক লুণ্ঠন চলাই থকা দুই দালালক পৰহি আৰক্ষীয়ে আটক কৰে। হাউলী আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অনুসন্ধান চলাই দালাল দুজনক আটক কৰিবলৈ সক্ষম হয়। হাউলী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গোপাল বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে হাউলীৰ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ শাখাত বৰবালাৰ নজৰুল খান আৰু বৰবালাৰ কমলপুৰৰ জিয়াৰুল হকক আটক কৰে। দুয়োজনকে প্রথমে হাউলী থানাত সোধা-পোছা কৰাত দুয়োজনে দীর্ঘদিন ধৰি বেংকত থাকি ৰাইজক সহায় কৰি দিয়াৰ ছলনাৰে লুণ্ঠন চলাই থকা বুলি স্বীকাৰোক্তি দিয়ে। দুয়োজনৰ স্বীকাৰোক্তি আৰু ৰাইজৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে দালাল দুজনক গ্ৰেপ্তাৰ কৰে। দুয়োজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ ১২০(বি)/১৮২/২১১/৩৮৪/৪২০/৪৬৮/৪৬৯ নং ধাৰাত হাউলী আৰক্ষী থানাত ১৩৩/২০২২ এটা গোচৰ পঞ্জীয়ন কৰা হৈছে বুলি জানিব পৰা গৈছে।