১৮ ছেপ্টেম্বৰ ,চিৰাং: চিৰাঙৰ বিজনীৰ ১ নং দৈলংঝাৰত দেওবাৰে ৰাজস্থানৰ লাভ জেহাদী আটক। হিন্দু পৰিচয়েৰে এগৰাকী ২৩ বছৰীয়া বিবাহিতা মহিলাক প্ৰেমৰ জালত আৱদ্ধ কৰে ৰাজস্থানৰ মাজগাঁও নিৱাসী ইছলাম ধৰ্মাৱলম্বী ২৬ বছৰীয়া খয়েৰুল খানে।বিজনীৰ ফাগুনাগাওঁ নিৱাসী তথা এটি কণমানি পুত্ৰ সন্তানৰ মাতৃ উক্ত বিবাহিতা মহিলা গৰাকীৰ পিতৃ গৃহ বিজনীৰ ১ নং দৈলংঝাৰত । স্বামীৰ সৈতে মতানৈক্য হৈ বিবাহিতা মহিলা গৰাকী দীৰ্ঘদিনৰে পৰা ১ নং দৈলংঝাৰৰ পিতৃ গৃহত বসবাস কৰি আহিছে । মোবাইল ফোনৰ জৰিয়তে চিনাকি হোৱা ৰাজস্থানৰ ইছলাম ধৰ্মাৱলম্বী যুৱক জনে নিজৰ প্ৰকৃত পৰিচয় গোপন কৰি হিন্দু নামেৰে উক্ত বিবাহিতা মহিলা গৰাকীক প্ৰেমৰ জালত আৱদ্ধ কৰে । ৪ দিন ধৰি লাভ জেহাদী খয়েৰুলে বিবাহিতা মহিলা গৰাকীৰ সৈতে পিতৃ গৃহত বসবাস কৰি থকা বিষয়টো স্থানীয় গঞাঁ ৰাইজৰ দৃষ্টিগোচৰ হয় । দেওবাৰে সন্দেহবশতঃ একাংশ স্থানীয় ৰাইজে লাভ জেহাদীটোক সোধাপোছা কৰাৰ লগতে উত্তম-মধ্যম দিয়াত যুৱকজনে নিজকে ৰাজস্থানৰ মাজগাওঁৰ খয়েৰুল খান বুলি চিনাকী দিয়ে। পাছত স্থানীয় ৰাইজে লাভ জেহাদীটোৰ লগতে মহিলা গৰাকীকো বিষ্ণুপুৰস্থিত SSB ক চমঝাই দিয়ে । SSB য়ে উভয়কে পাণবাৰী আৰক্ষী থানাৰ বিষয়ববীয়াক চমঝাই দিয়ে ।ঘটনাস্থলীত পানবাৰী আৰক্ষী থানাৰ দল এটা উপস্থিত হৈ পুৰুষ মহিলা দুয়োজনক থানালৈ লৈ আহে ।