ৰঙিয়া ১৮ চেপ্তেম্বৰ :ৰঙিয়া সমষ্টিৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই চাকৰি দিয়াৰ নামত ধন বিচৰা বুলি জয়া কলিতা নামৰ এগৰাকী যুৱতীয় অভিযোগ কৰাৰ পিচতে সমগ্র ৰাজ্যতে আৰম্ভ হৈছে তীব্ৰ প্ৰতিক্ৰিয়া । এনে এক সময়তে ৰঙিয়াত আজি কামৰূপ জিলা যুৱ কংগ্ৰেছ সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । ৰঙিয়া সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন জলসিঞ্চন বিভাগৰ মন্ত্ৰী ভৱেশ কলিতাক আটক কৰাৰ দাবী জনাই প্ৰতিবাদকাৰী সকলে । যুৱ কংগ্ৰেছ দলৰ শতাধিক প্ৰতিবাদকাৰীয়ে কংগ্ৰেছ ভৱনৰ পৰা যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভানেত্ৰী অংকিতা দত্তৰ নেতৃত্বত প্ৰতিবাদ কৰি আৰক্ষী থানাৰ সন্মুখৰে গৈ থকা অবস্থা আৰক্ষীৰ লগত হাতাহতি হয় । ভৱেশ কলিতাক আটক কৰক, জলসিঞ্চন বিভাগৰ চাকৰিৰ তদন্ত কৰক আদি ধ্বনিৰে প্ৰতিবাদকাৰী সকলে আগুৱাই গৈ থকা অৱস্থাতে আৰক্ষীয়ে বাধা প্ৰদান কৰে । প্ৰতিবাদ কাৰী সকলে আৰক্ষীৰ লগত হতাহতিত লিপ্ত হৈ কিছু আগুৱাই গৈ ৰঙিয়া ১ নং পুলিচ পইন্টৰ সন্মুখৰ পথত বহিপৰে । লগে লগে মহিলা আৰক্ষী সকলে অংকিতা দত্তক আঁতৰাবলৈ চেষ্টা কৰে যদিও বহু সময়ৰ পিচত কংগ্ৰেছ নেত্ৰী গৰাকীৰ লগতে প্ৰতিবাদকাৰী সকলক আৰক্ষীয়ে আটক কৰি থানালৈ লৈ যায় ।