গুৱাহাটী,১৮ ছেপ্টেম্বৰঃ পুনৰ বাৰ্মিজ চুপাৰি। গুৱাহাটীত বাৰ্মিজ চুপাৰি জব্দ কৰাটো এতিয়া স্বাভাৱিক ঘটনাত পৰিণত হৈছে। গুৱাহাটী ৰে’লৱে ষ্টেচনত পুনৰ জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি। আৰক্ষীয়ে ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ কৰে  চুপাৰিখিনি। ডিমাপুৰৰ পৰা লৈ অনা হৈছিল এই চুপাৰিখিনি। এটা ডবাৰ পৰা ৪৫ বস্তা আৰু এটা ডবা সম্পূৰ্ণ ভৰ্তি চুপাৰি জব্দ কৰে আৰক্ষীয়ে। জব্দ কৰা চুপাৰিখিনিৰ মূল্য ৫০ লক্ষাধিক টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে। জি আৰ পি অ’চি প্ৰসেনজিৎ দাসৰ নেতৃত্বত চলিছিল এই অভিযান।