লখিমপুৰ, ১৮ ছেপ্টেম্বৰ ঃ লখিমপুৰ জিলাৰ বধাকৰাত সোৱণশিৰি নদীয়ে এতিয়া চপৰা চপৰে গৰা খহনীয়াৰ সৃষ্টি কৰাত সমগ্ৰ অঞ্চলটোত আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ লখিমপুৰৰ নিচেই সমীপৱৰ্তী তথা কদম ৰাজহ চক্ৰৰ অন্তৰ্গত বধাকৰাৰ ১ নং হৰিদাসত নদীখনে তীব্ৰ ৰূপত গৰা খহনীয়াৰ সৃষ্টি কৰাত নিতৌ শ শ হে“ৰ কৃষিভূমি নদীৰ বুকুত জাহ যোৱাত নদীখনৰ কাষৰ ভিমপৰা মথাউৰিৰ প্ৰতি প্ৰবল ভাবুকিৰ সৃষ্টি হৈছে । ইমানৰ পিচতো খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগেই হওঁক বা প্ৰশাসনেই হওঁক কোনেও পদক্ষেপ গ্ৰহণ নকৰাত স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰিছে৷ ন-কদম গাঁও পঞ্চায়তৰ অন্তৰ্গত সমগ্ৰ বধাকৰা অঞ্চলত নদীখনে এফালৰ পৰা গৰা খহনীয়াৰ সৃষ্টি কৰাত নিকটৱৰ্তী প্ৰায় কুৰিখনৰো অধিক গাৱলৈ ভাবুকি নামি আহিছে৷ পূৰ্বে এই নদীখন বহু দূৰৈত আছিল যদিও এতিয়া নদীখনে খহনীয়াৰ সৃষ্টি কৰি হৰিদাস, বেৰকেপ, সোণোৱাল গাঁও আদিৰ কাষ চাপি অহাত ৰাইজে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে৷ মিচিং স্বায়ত্ব পৰিষদৰ লগতে ন-কদম গাঁও পঞ্চায়তেও উক্ত স্থানত খহনীয়া ৰোধৰ বাবে কোনো প্ৰচেষ্টা গ্ৰহণ কৰা নাই৷ বিগত সময়ত খহনীয়া প্ৰতিৰোধৰ নামত কোটি কোটি টকাৰ আঁচনি গ্ৰহণ কৰা হল যদিও ৰাইজ সুৰক্ষিত নহল বৰঞ্চ ৰাইজ সম্প্ৰতি আতংকিত হৈ পৰিছে ঘৰ বাৰী হেৰুৱাৰ আশংকাত । শেহতীয়াকৈ ৰাইজে আতংকিত হৈ সদৌ বধাকৰাবাসী ৰাইজে সোৱণশিৰি নদীৰ গড়াখহনীয়াৰ স্থায়ী সমাধানৰ দাবীত কাইলৈ পুৱা ৯বজাত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব

Home অসম আৰু উত্তৰপূব লখিমপুৰৰ বধাকৰাতসোৱণশিৰিৰ ভয়াবহ খহনীয়া ; চপৰা-চপৰে খহিছে সোৱণশিৰিৰ গৰা জাহ গৈছে শ...