শিৱসাগৰ, ১৯ ছেপ্টেম্বৰঃ ভাৰতৰ মানচিত্ৰত অসম হৈছে বিস্তৃত পাহাৰ,পৰ্বত,ভৈয়াম সমন্বিত প্ৰৱাহমান নৈ,উপনৈ আৰু স্থিতিশীল বিল-জলাশয়ৰে পৰিপূৰ্ণ এখন অতি মনোৰম ৰাজ্য।সুজলা-সুফলা-শস্য -শ্যামলা অসমৰ প্ৰাকৃতিক দৃশ্যাৱলী অতি মনোৰম।অসমৰ এই অপৰূপ সৌন্দৰ্য উপভোগ কৰিবলৈ ভাৰতৰ বিভিন্ন প্ৰান্তৰ ৰাজ্যৰ লগতে বিদেশৰ পৰাও প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ পৰ্যটকসকলৰ আগমন ঘটে।উজনি অসমৰ পৰ্যটনৰ আকৰ্ষনস্থলী শিৱসাগৰ জিলাৰ গৌৰৱ উজ্জ্বল ছশ বছৰৰ আহোম ৰাজত্বৰ ঐতিহাসিক সমলবোৰ উপভোগ কৰিবলৈ পৰ্যটকৰ লানি নিছিগা সোঁত বোৱা দেখা যায়।শিৱ দ’ল,জয় দ’লৰ উপৰি গৌৰিসাগৰ দৃশ্যপট অতি মনোৰম।ইয়াৰ বাহিৰেও আছে ৰংঘৰ,কাৰেংঘৰ,তলাতল ঘৰ,চৰাইদেউ মৈদাম,পৰিভ্ৰমী পক্ষীয়ে নান্দনিক পৰিবেশ সৃষ্টি কৰা শিৱসাগৰ পুখুৰী আৰু জয়সাগৰ পুখুৰী ইত্যাদি প্ৰাচীন কৃতিচিহ্ন ঐতিহাসিক পটভূমি উপভোগ কৰিবলৈ শিৱসাগৰলৈ আহে দেশী-বিদেশী পৰ্যটকসকল।তদুপৰি উজনি অসমৰ একমাত্ৰ অভয়াৰণ্য পানী দিহিং পক্ষী অভয়াৰণ্যত থকা জীৱ-জন্তু আৰু বিভিন্ন বিল-জলাশয়বোৰত থকা দেশী-বিদেশী পৰিভ্ৰমী চৰাইবোৰ তথা প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ আহে পৰ্যটকসকল।পৰিতাপৰ বিষয় এই পৰ্যটকৰ আকৰ্ষন থকা স্থানবোৰত আন্তঃগাথনি উন্নয়ন একেবাৰে তথৈবচ অৱস্থা। জৰাজীৰ্ণ ৰাস্তা-পদূলিৰ পৰা আৰম্ভ কৰি থকা-খোৱা মেলা আদি কাৰণে পৰ্যটকসকল যথেষ্ট অসুবিধা হয় বুলি অভিযোগ উত্থাপিত হৈছে।সমগ্ৰ জিলাখনতে আহোম শাসন কালৰ অলেখ স্থাপত্য,ভাস্কৰ্য,মৈদাম পুখুৰী,গড় সিঁচৰিত হৈ আছে যদিও উক্ত ঐতিহাসিক কৃতিচিহ্নবোৰ বৰ্তমান জৰাজীৰ্ণ অৱস্থাত আছে।পুৰাতত্ব বিভাগে মাজে সময়ে মেৰামতি কৰে যদিও কিছুমান ঐতিহাসিক সমলবোৰত গৃহসমূহ ফাঁট মেলাৰ লগতে আৱৰ্জনাৰে ভৰি থাকে।এই ঐতিহাসিক সমলবোৰ পৰ্যটন বিভাগে আটকধুনীয়াভাৱে মেৰামতি কৰি পৰ্যটকৰ আকৰ্ষন কেন্দ্ৰ বিন্দু কৰিব পাৰিলে পৰ্যটকৰ ভিৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে জিলাখন অৰ্থনৈতিক ভাৱে শক্তিশালী হ’ব।ঐতিহাসিক শিৱসাগৰ জিলাৰ পুৰাতাত্ত্বিক স্থান আৰু মূল্যৱান কীৰ্তিচিহ্নসমূহ সংৰক্ষণৰ বাবে ৰাজ্যৰ পুৰাতত্ত্ব সঞ্চালকালয়ৰ তৰফৰ পৰা উপায়ুক্ত কায্যালয়ৰ চুক্যফা সভাগৃহত বিভিন্ন আলোচনা হৈ আহিছে যদিও কাৰ্যক্ষেত্ৰত ফুটুকা ফেনত পৰিণত হৈছে।বৰ্তমান সচৰাচৰ দেখিবলৈ পোৱা গৈছে আহোমৰ ৰাজত্বৰ ইতিহাসৰ স্তম্ভস্বৰূপ শিৱসাগৰ দৌলদেৱালয়,ৰংঘৰ,কাৰেংঘৰ,ঐতিহাসিক পুখুৰীবোৰ,মৈডামসমূহ পাইছে কদৰ্যৰূপ।এই ঐতিহাসিক সমলসমূহ সৌন্দৰ্যবৰ্ধন আৰু সংৰক্ষণৰ বাবে চৰকাৰে কোটি কোটি টকা আৱণ্টন দিয়ে যদিও ঐতিহাসিক সমলবোৰ দিনক দিনে জৰাজীৰ্ণ হোৱাৰ লগতে আৱৰ্জনাৰে কদৰ্যময় হোৱাত জনসাধাৰণৰ মনত বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে।আনহাতে শিৱসাগৰ নগৰৰ পৰা ১৪ কিঃমিঃ নিলগত ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ দিচাং নদীৰ সংগ্ৰমস্থল দিচাংমুখ পৰ্যটকৰ আকৰ্ষন স্থলী হিচাপে পৰিচিত।প্ৰকৃতিৰ অপৰূপ সৃষ্টি দিচাংমুখ শস্যে-মৎস্যে অনুপম ৰূপে ৰসে ভৰপূৰ। গৰু-ম’হ খুটিৰ এঠা-দৈ,আজানপীৰ দৰগাহ,বিভিন্ন মূল্যৱান গছ-গছনি,দিচাঙৰ বালি,পানী দিহিং পক্ষী অভয়াৰণ্য প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ আহে পৰ্যটকসকল।তদুপৰি দেশী- বিদেশী পৰ্যটকসকলে ব্ৰহ্মপুত্ৰ নদী,দিচাং চাপৰি মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ লগতে পৰম্পৰাগত মিচিং জনগোষ্ঠীৰ সাজ-পোছাক ক্ৰয় কৰিবলৈ, খাদ্য সম্ভাৰ জুতি লোৱাৰ লগতে দিচাং চাপৰি কাষতে থকা পানী দিহিং পক্ষী অভয়াৰণ্যখনৰ জীৱ-জন্তু,নানা প্ৰজাতিৰ দেশী-বিদেশী পৰিভ্ৰমী চৰাই উপভোগ কৰিবলৈ আহে পৰ্যটকসকল।বৰ্তমান শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু ঐতিহাসিক ঠাইসমূহৰ লগতে দিচাংমুখতো পৰ্যটকৰ আগমন ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে।শিৱসাগৰ নগৰ পৰা দিচাংমুখলৈ ঐতিহাসিক ডেকা বৰুৱা পথটো জৰাজীৰ্ণ হোৱাল গতে পথটো ঠেক হোৱাৰ কাৰণে যাতায়তৰ ক্ষেত্ৰত চৰম অস্বস্তি ভোগ কৰে পৰ্যটকসকলে।তদুপৰি ব্ৰহ্মপুত্ৰ আৰু দিচাং নদীৰ প্ৰলয়কাৰী বান আৰু গৰাখহনীয়া ফলত দিচাংমুখৰ সৌন্দৰ্য হ্ৰাস পাবলৈ ধৰিছে। অৰ্থাৎ জৰাজীৰ্ণ পথৰ লগতে আন্তঃগাথনি অভাৱত পৰ্যটকৰ সংখ্যা দিনক দিনে হ্ৰাস পাইছে। পৰ্যটন উদ্যোগৰ প্ৰচুৰ সম্ভৱনাৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যটন ক্ষেত্ৰখন অধিক প্ৰসাৰিত কৰাৰ বাবে শিৱসাগৰ ঐতিহাসিক পৰ্যটনস্থলীসমূহ গঢ়ি তুলিবৰ বাবে চৰকাৰে গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয়।কিয়নো পৰ্যটনস্থলীসমূহ উন্নত কৰিলে অসমৰ অৰ্থনীতিৰ জ্বলন্ত সমস্যাৰাজিৰ অন্যতম নিবনুৱা সমস্যা সমা ধানৰ লগতে পৰ্যটন উদ্যোগৰ জৰিয়তে প্ৰচুৰ পৰিমাণে বৈদেশিক মুদ্ৰা উপাৰ্জন কৰি জিলাখনৰ অৰ্থনীতি ভেঁটি শক্তিশালী কৰি তুলিব পাৰে।অৱশ্যে পৰিৰ্তনশীল চৰকাৰখনে পৰ্যটন বিভাগটো শক্তিশালী কৰিবৰ বাবে অভিলাষী আঁচনি গ্ৰহণ কৰিছে।