মাৰ্ঘেৰিটা ১৮ ছেপ্তেম্বৰ ঃঅসম অৰুণাচল সীমামূৰীয়া অৱস্থিত বৰডুমচাত আৰক্ষী থানাৰ ড্ৰাগছ বিৰুধি অভিযান অব্যাহত আছে।বৃহস্পতিবাৰে বৰডুমচা থানাৰ বিভিন্ন অঞ্চলৰ ৪ গৰাকী ড্ৰাগছ,কানি মাফিয়াক আটক কৰি জেল সাজুতলৈ প্ৰেৰণ কৰা পিছত আজি পুনৰ এজনক আটক কৰিবলৈ সক্ষম হৈছে।বিশেষ সুত্ৰ খবৰৰ ভৃত্তিত মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া হেমন্ত কুমাৰ বড়ো আৰু বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতু চাংমাইৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে তিনিচুকীয়া চহৰৰ পৰা পিছ লৈ বৰডুমচাত আটক কৰে।উক্ত অভিযান কালতেই গোলাঘাট জিলাৰ উৰিয়াম ঘাট থানাৰ অন্তৰ্গত বদয়াপুৰ গাঁৱৰ ড্ৰাগছ মাফিয়া আব্দুল আহমেদক আটক কৰিবলৈ সক্ষম হয়।ড্ৰাগছ মাফিতা আব্দুল আহমেদৰ AS 05 R 0329 নম্বৰ চুইপ ডিজায়াৰ বাহনৰ পৰা উদ্ধাৰ কৰে ৩৩ গ্ৰাম হিৰইন।ড্ৰাগছ মাফিয়া আব্দুল আহমেদক আৰক্ষীৰ দলটোৱে জেৰা অৱ্যাহত ৰাখিছে।