গুৱাহাটী,১৯ চেপ্টেম্বৰঃ পশুপালন বৃত্তিৰ জৰিয়তে নিজকে আত্মনিৰ্ভৰশীল কৰি ৰাজ্যৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী কৰিবলৈ আহ্বান জনাইছে অসম পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই। আজিৰে পৰা অসম পশুধন নিগমৰ উদ্যোগত আয়োজিত তিনিদিনীয়া প্ৰশিক্ষণ উদ্বোধন কৰি অধ্যক্ষ শইকীয়াই লগতে কয় যে পশুধন ক্ষেত্ৰলৈ ব্যাপক পৰিৱৰ্তন আহিছে, যুৱক-যুৱতীসকলে নিজকে আত্মনিৰ্ভৰশীল কৰিবলৈ মন বান্ধিছে। চৰকাৰে গ্ৰহণ কৰা আচঁনিৰ সুযোগ লাভ কৰি নিজকে স্বাৱলম্বী কৰাৰ লগতে উৎপাদন বৃদ্ধিত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। বিগত পাচঁটা বছৰত নিগমে একৈশ হাজাৰ যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়াৰ লগতে প্ৰায় আঠ হেজাৰ যুৱক-যুৱতী এই ক্ষেত্ৰত প্ৰতিষ্ঠিত হৈছে। তিনিশতাধিক যুৱক-যুৱতীয়ে অংশ গ্ৰহণ কৰা এই প্ৰশিক্ষণত ছাগলী, গাহৰি, হাঁহ-কুকুৰা পালনৰ প্ৰশিক্ষণ দিয়া হৈছে। অনুষ্ঠানত নিগমৰ উপাধ্যক্ষ পৰেশ বৰকাকতি, প্ৰশাসনিক বিষয়া ড০ পূৰ্ণানন্দ কোৱঁৰ আদি উপস্থিত থাকে।