ৰঙিয়া, ১৯ অক্টোবৰ :- ৰঙিয়াৰসমষ্টিৰ অধীনৰ খন্দিকৰৰ এখন ফাৰ্মাচীৰ স্বত্বাধিকাৰীক দাবীকৰা ধন নিবলৈ আহি ৰাইজৰ হাতত আবদ্ধ হব লগা হল ৰঙিয়া ইছাপুৰৰ দুই যুৱক । ৰঙিয়া ইছাপুৰৰ ইউনুচ আলী আৰু মৃদুল হ’ক নামৰ দুই যুৱকে ১৫ দিন পুৰ্বে ৰঙিয়া সমষ্টিৰ অধীনৰ তামুলপুৰ জিলাৰ খন্দিকৰৰ এখন ফাৰ্মাচীৰ স্বত্বাধিকাৰীক পাচ লাখ টকা ধন দাবীকৰি পত্ৰ প্ৰেৰণ কৰিছিল । ফাৰ্মাচীৰ স্বত্বাধিকাৰী মোন্নাফ আলীয়ে এনেদৰে পাচ লাখ টকা বিচাৰি দাবী পত্ৰ পোৱাত উপাইবিহীন হৈ এবিএমছুৰ বিষয়ববীয়াক অৱগত কৰে । পুণৰ কেইদিনমান পিচত উগ্ৰপন্থীৰ কাইদাৰে অজ্ঞাত স্থানৰ পৰা হিন্দী ভাষাত ফোনকৰি ধন আদায় দিবলৈ নিৰ্দেশ দিয়ে । সেইমতে মুন্নাফ আলী নামৰ ফাৰ্মাচীৰ স্বত্বাধিকাৰী গৰাকীয়ে ধনদাবী কৰা যুৱক কেইজনক আটক কৰাৰ কৈশল ৰচনা কৰি ধন নিবলৈ মাতে যদিও চতুৰ যুৱক কেইজনে বাৰে বাৰে স্থান সলনি কৰি সেই ঠাইত ধন আদায় দিবলৈ কয় । ঠিক তেনেদৰে যোৱানিশা ৰঙিয়াৰ সমিপৰ দাৰকুছি চকত দাবী কৰা ধন আদায় দিবলৈ পুণৰ ফোনকৰে ফাৰ্মাচীৰ গৰাকীক ।সেইমতে ধন আদায় দিয়াৰ বাবে ফাৰ্মাচীৰ স্বত্বাধিকাৰী গৰাকীয়ে এবিএমছুৰ একাংশ বিষয়ববীয়াৰ লগত লৈ দাৰকুছি চ’কত উপস্থিত হৈ বিষয়টোৰ সন্দৰ্ভত ৰঙিয়া আৰু তামুলপুৰ আৰক্ষীক অবগত কৰে । নিশা নিদিষ্ট সময়ত ধনদাবী কৰা যুবক কেইজন দাবীকৰা ধন নিবলৈ উপস্থিত হৈ পুণৰ ফাৰ্মাচীৰ স্বত্বাধিকাৰী জনক ফোন কৰিবলৈ ধৰোতে এবিএমছুৰ সদস্য কেইজনৰ লগতে স্থানীয় ৰাইজে আটক কৰে যুৱক দুজনক । ৰাইজে কিছুপৰিমানে গণপ্ৰহাৰ দিয়াত নিজকে ৰঙিয়া ইছাপুৰৰ ইউনুচ আলী আৰু মৃদুল হ’ক বুলি চিনাকী দিয়ে । পিচত আৰক্ষীয়ে দুয়োজনকে থানালৈ লৈ গৈ জেৰা অব্যহত ৰাখিছে ।