গুৱাহাটী,১৯ ছেপ্টেম্বৰঃ গুৱাহাটীৰ পূজা সমিতিসমূহৰ সৈতে আজি মহানগৰ প্ৰশাসনৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত মহানগৰ প্ৰশাসনে মুকলি কৰিছে পূজাৰ এছ অ’ পি। পূজাৰ আয়োজনত পূজা সমিতিয়ে মানি চলিব লাগিব কেতবোৰ নীতি-নিৰ্দেশনা। সেই অনুসৰি প্ৰতিখন পূজা কমিটিয়ে স্থানীয় আৰক্ষীৰ পৰা ল’ব লাগিব অনুমতি। ৰাস্তা বন্ধ কৰি পূজা মণ্ডপ নিৰ্মাণ কৰিব নোৱাৰিব। প্ৰতিখন পূজা কমিটিয়ে CCTV লগাব লাগিব। নিজস্ব স্বেচ্ছাসেৱক থাকিব লাগিব৷ স্বেচ্ছাসেৱকসকলে বেজ পৰিধান কৰিব লাগিব৷ প্ৰয়োজনতকৈ বেছি লাইটিং কৰিব নোৱাৰিব। পূজা মণ্ডপৰ ওচৰে-পাঁজৰে পোহৰৰ পৰ্যাপ্ত ব্যৱস্থা কৰিব লাগিব। অগ্নিনিৰ্বাপনৰ প্ৰাথমিক ব্যৱস্থা নিজে ল’বলৈ আহ্বান। ডাষ্টবিন সঠিককৈ ব্যৱহাৰ কৰিব লাগিব। First Aidৰ ব্যৱস্থা ৰাখিব লাগিব। মণ্ডপৰ সমুখত সভাপতি আৰু সম্পাদকৰ নাম আৰু ফোন নম্বৰসম্বলিত বেনাৰ লগাই ৰাখিব লাগিব। প্ৰদূষণমুক্ত সামগ্ৰীৰে নিৰ্মাণ কৰিব লাগিব দেৱীৰ মূৰ্তি। সাংস্কৃতিক সন্ধিয়া মাজনিশালৈ নকৰিবলৈ আহ্বান। মাংগলিকভাৱে সাংস্কৃতিক অনুষ্ঠান আয়োজনৰ আহ্বান। ৯ বজাৰ পূৰ্বে সাংস্কৃতিক অনুষ্ঠান শেষ কৰাৰ আহ্বান। শব্দ প্ৰদূষণ যাতে নহয় তাৰ প্ৰতি গুৰুত্ব দিবলৈ আহ্বান। বিদ্যুতৰ সংযোগৰ বাবে APDCL কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰিহে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব লাগিব। বিশুদ্ধ খোৱাপানীৰ পৰ্যাপ্ত ব্যৱস্থা কৰিবলৈ আহ্বান। দেৱী বিসৰ্জনৰ কাম দিনৰ ভাগতে সামৰিবলৈ আহ্বান। কাছমাৰী ঘাট, পাণ্ডু ঘাট, চূণচালি ঘাটত হ’ব দেৱী বিসৰ্জন। কাছমাৰী ঘাটত নতুন এটা ঘাটৰ চিন্তা-চৰ্চা কৰি থকা হৈছে।
আনহাতে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ নিৰ্দেশনা অনুসৰি হেলমেট নিপিন্ধা আৰু সুৰাপান কৰি বাহন চলোৱা লোকৰ ফটো মাৰিবলৈ ৰাইজক আহ্বান। সেই মতে ই চালান প্ৰেৰণ কৰা হ’ব। হেলমেট পিন্ধি দুচকীয়া বাহন চলাবলৈ আহ্বান জনোৱাৰ লগতে ছীটবেল্ট মাৰি গাড়ী চলাবলৈ আহ্বান। দুৰ্ঘটনামুক্ত পূজা উদযাপনৰ বাবে সকলোকে সহযোগ কৰাৰ আহ্বান পৰিবহণ আয়ুক্ত গৌতম দাসৰ।
