নিউজ ডেক্স,২০ ছেপ্টেম্বৰঃ দীঘলীয়া সময়ৰ পাছত প্ৰথমবাৰৰ বাবে কংগ্ৰেছৰ সভাপতি পদত গান্ধী পৰিয়ালৰ বিপৰীতে অন্য হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। গান্ধী পৰিয়ালৰ আনুগত্যবাদী অশোক গেহলট দলৰ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে। আনহাতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শশী থাৰুৰে ছোনিয়া গান্ধীক সাক্ষাৎ কৰি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছে বুলি জানিব পৰা গৈছে। ছোনিয়া গান্ধীয়ে এইক্ষেত্রত অনুমতি প্ৰদান কৰিছে থাৰুৰক। দলৰ সংস্কাৰৰ সমৰ্থনত ওলাই অহা ২৮ জন কংগ্ৰেছ নেতাৰ ভিতৰত থাৰুৰ অন্যতম। সোমবাৰে অনুষ্ঠিত বৈঠকত ছোনিয়াই নিজেই সংস্কাৰৰ বিষয়টো মানি লৈছিল।
এই সন্দৰ্ভত কিছুদিন পূৰ্বে শশী থাৰুৰকে ধৰি কেইবাজনো কংগ্ৰেছ নেতাই হাইকমাণ্ডলৈ পত্ৰ লিখিছিল। সেই পত্ৰত সভাপতি পদৰ নিৰ্বাচনত স্বচ্ছতা বজাই ৰাখিবলৈ অনুৰোধ কৰিছিল। তাৰ পিছত সোমবাৰে ছোনিয়াক সাক্ষাৎ কৰে থাৰুৰে। সম্প্ৰতি ৰাহুল গান্ধী সভাপতি হ’বলৈ ইমান আগ্ৰহী নহয় বুলি জানিবলৈ দিছে। অৱশ্যে কংগ্ৰেছৰ অধিকাংশ জ্যেষ্ঠ নেতাই বিচাৰে ৰাহুলে দলটোৰ নেতৃত্ব দিয়ক। এই মুহূৰ্তত ভাৰত ভ্ৰমণত ব্যস্ত ৰাহুল। অৱশ্যে তেওঁ কিছুদিন পূৰ্বে ইংগিত দিছিল যে তেওঁ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। গতিকে কংগ্ৰেছৰ সভাপতি পদৰ বাবে ৰাহুল আৰু থাৰুৰ মাজত যুদ্ধ হোৱাৰ সম্ভাৱনা নোহোৱা নহয়। ইফালে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটেও সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছে। অহা মাহত কংগ্ৰেছৰ সভাপতি নিৰ্বাচন অনুষ্ঠিত হ’ব। তিনিদিনৰ পাছৰে আৰম্ভ হ’ব মনোনয়ন প্রক্রিয়া৷