চতিয়া,২০ ছেপ্টেম্বৰঃ সদ্য ঘোষিত অসম আৰক্ষীৰ ফলাফলে উৎফুল্লিত কৰিছে চতিয়া সমষ্টিৰ অন্তৰ্গত মধ্য আৰু পূৱ নাগশংকৰবাসীক। সমষ্টিটোৰ অন্তৰ্গত মধ্য আৰু পূৱ নাগশংকৰ পঞ্চায়ত এলেকাৰ অতি ভিতৰুৱা অঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ দিন হাজিৰা কৰা পাঁচগৰাকী যুৱক-যুৱতী ক্ৰমে পল হাজৰিকাই অসম পুলিচত, গিৰিণ নাথে এছ আইত, পলাশ জ্যোতি নাথে অসম পুলিচত, কংকনা বসুমতাৰীয়ে এছ আইত আৰু কপিঞ্জল বৰাই অসম পুলিচৰ নিযুক্তিৰ বাবে উত্তীৰ্ণ হয়। অতি দৰিদ্ৰ পৰিয়ালৰ পাঁচগৰাকী যুৱক-যুৱতীয়ে অসম আৰক্ষীৰ নিযুক্তিৰ ফলাফলত উত্তীৰ্ণ হৈ ভৱিষ্যত জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ সক্ষম হোৱাত অঞ্চলবাসীয়ে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। আজি নাগশংকৰ জিলা পৰিষদৰ সদস্য হিতেশ বৰুৱা, অৱসৰ প্ৰাপ্ত কৃতি শিক্ষক বাণেশ্বৰ বৰাই তেওলোকক অসমীয়াৰ জাতীয় স্বাভিমান ফুলাম গামোছাৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি তেওঁলোকৰ সু-স্বাস্থ্য দীৰ্ঘায়ু কামনা কৰে। মধ্য আৰু পূৱ নাগশংকৰ এলেকাৰ দৰিদ্ৰ যুৱক-যুৱতীৰ এনে বৃহৎ সাফল্যৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ ও আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি উৎফুল্লিত হৈ পৰিছে পিতৃ মাতৃ তথা গাঁওবাসী ।