গুৱাহাটী,২১ ছেপ্টেম্বৰঃ গুৱাহাটীত শুল্ক বিভাগৰ বৃহৎ অভিযান। শুল্ক বিভাগৰ এটা দলে অভিযান চলাই ১ কোটি ৩১ লাখ টকাৰ অবৈধ বিদেশী চিগাৰেট জব্দ কৰিবলৈ সক্ষম হয়। গুৱাহাটীৰ কেৰাকুচিৰ এটা গুদামত চলিছিল এই অভিযান । গুদামটোত মজুত কৰি থোৱা অৱস্থাত প্ৰায় ৬ লাখ ১ হাজাৰ ৪০০ টা বিদেশী চিগাৰেট জব্দ কৰে অভিযানকাৰী দলটোৱে। শুল্ক বিভাগৰ এগৰাকী বিষয়াই জনোৱা মতে গুৱাহাটী শুল্ক বিভাগৰ উপ-আয়ুক্তৰ নেতৃত্বত দলটোৱে অভিযান চলাই এই বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেটৰ পেকেট উদ্ধাৰ কৰিবলৈ সক্ষম হয় । গোপন সূত্ৰৰ পৰা লাভ কৰা এক তথ্যৰ ভিত্তিত উক্ত গুদামটোত দলটোৱে অভিযান চলাইছিল। জানিব পৰা মতে সূত্ৰৰ খবৰৰ ভিত্তিত শুল্ক বিভাগে গুদামটো নিৰীক্ষণত ৰাখিছিল । পৰৱৰ্তী সময়তে মজুত কৰি ৰখা চক্ৰটোৱে চিগাৰেটখিনি আন ঠাইলৈ স্থানান্তৰৰ পৰিকল্পনা কৰিছিল । তাৰ পূৰ্বেই শুল্ক বিভাগৰ দলটোৱে গুদামটোত অভিযান চলাই আৰু বিদেশী চিগাৰেটখিনি জব্দ কৰিবলৈ সক্ষম হয়। অভিযানৰ সময়ত ESSE আৰু Benson & Hedgesৰ দৰে বিদেশী চিগাৰেটৰ পেকেটৰ সৈতে এখন বাহনো অভিযানকাৰী দলটোৱে জব্দ কৰে । ইতিমধ্যে শুল্ক বিভাগে চিগাৰেটখিনি জব্দ কৰাৰ লগতে পৰৱৰ্তী অনুসন্ধান আৰম্ভ কৰিছে । অৱশ্যে এই অভিযানত কোনো লোক আটক হোৱাৰ তথ্য এতিয়ালৈ পোৱা হোৱা নাই ।