গুৱাহাটী,২১ ছেপ্টেম্বৰঃ গুৱাহাটীৰ পুনৰ সংস্থাপন কেন্দ্ৰত (ৰিহেব চেণ্টাৰ) পুনৰ মৃতদেহ উদ্ধাৰ। গুৱাহাটীৰ খাৰঘূলিস্থিত ফেইথ ফাউণ্ডেচনত ৰহস্যজনক অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছে। মৃত মহিলা গৰাকীৰ নাম গিৰিজা মেধি বুলি জানিব পৰা গৈছে। ফাউণ্ডেচন কৰ্তৃপক্ষৰ মতে মহিলা গৰাকীয়ে আত্মহত্যা কৰিছে। লক্ষণীয় বিষয় যে জানিব পৰা মতে আৰক্ষী আৰু পৰিয়ালৰ লোকৰ অনুপস্থিতিতে ফাউণ্ডেচন কৰ্তৃপক্ষই মৃতদেহটো ৰচি কাটি খিৰিকিৰ পৰা নমাই আনে। মহিলাগৰাকীৰ ঘৰ বৰপেটাৰ জিলাৰ পাঠশালাত। এমাহ পূৰ্বেই পৰিয়ালৰ লোকে চেন্টাৰটোলৈ লৈ আহিছিল মহিলাগৰাকীক।