গুৱাহাটী,২১ ছেপ্টেম্বৰঃ অসমবাসীৰ বাবে পুনৰ গৌৰৱ কঢ়িয়াই আনিলে এলভিছ আলী হাজৰিকাই। সাঁতুৰি পাৰ হ’ল নৰ্থ চেনেল। ১৪ ঘণ্টা ৩৮ মিনিটত নৰ্থ চেনেল সাঁতুৰি পাৰ হৈ সপোন বাস্তৱায়িত কৰিলে এলভিছ আলী হাজৰিকাই। উত্তৰ আয়াৰলেণ্ডৰ পৰা স্কটলেণ্ডলৈ এই চেনেলৰ দৈৰ্ঘ্য ২১ কিলোমিটাৰ। উল্লেখ্য যে নৰ্থ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথমজন অসমীয়াৰ কৃতিত্ব অৰ্জন কৰিলে এলভিছ আলী হাজৰিকাই। বিশিষ্ট সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই গঢ়িলে আন এক অভিলেখ। এই গৌৰৱ অৰ্জন কৰাত যথেষ্ঠ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল এছিয়ান ৰীলে দলটো। সুদূৰ বিদেশত অসমক গৌৰাৱান্বিত কৰিলে এলভিছে। বিশ্বৰ বহু সাঁতোৰবিদৰ বাবে নৰ্থ চেনেল সাঁতোৰা অতি প্ৰত্যাহ্বানজনক। প্ৰায় ৭ দিন ধৰি কৰা অনুশীলনৰ পাছত ইতিহাস ৰচিলে এলভিছ আলী হাজৰিকাই।