গুৱাহাটী,২২ ছেপ্টেম্বৰঃ ৰাজ্যিক কৰ্মচাৰীৰ বাবে সুখবৰ। শাৰদীয় দুৰ্গোৎসৱৰ পূৰ্বে কৰ্মচাৰীয়ে লাভ কৰিব দৰমহা। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সমাগত দুর্গা পূজালৈ লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ
বিষয়া-কৰ্মচাৰীসকলৰ চলিত মাহৰ দৰমহা প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ বিত্ত বিভাগক নির্দেশ দিছে। উল্লেখ্য যে চলিত বৰ্ষৰ শাৰদীয় দুর্গোৎসৱ উপলক্ষে ২ অক্টোবৰৰ পৰা চৰকাৰী কাৰ্যালয়সমূহ বন্ধ থাকিব। ইয়াৰ পৰিপ্ৰেক্ষিততে পূজা উদযাপনত সহায়ক হোৱাকৈ মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰৰ বিষয়া-
কৰ্মচাৰীসকলৰ দৰমহা ২৯ ছেপ্টেম্বৰৰ পৰা মুকলি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ বিত্ত বিভাগক নির্দেশ দিয়ে। মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ৰাজ্যিক বিষয়া-কৰ্মচাৰীসকলৰ নিজ কৰ্মৰ প্ৰতি থকা নিষ্ঠা আৰু উৎসর্গিত মনোভাৱৰ শলাগ লোৱাৰ লগতে তেওঁলোকৰ প্ৰতি ৰাজ্য চৰকাৰৰ থকা দায়বদ্ধতাৰ প্ৰকাশ হিচাপেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

Home অসম আৰু উত্তৰপূব দুৰ্গোৎসৱৰ বাবে ৰাজ্যিক কৰ্মচাৰীক ২৯ ছেপ্টেম্বৰতে দৰমহা দিয়াৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ