বৰপেটা,২২ চেপ্তেম্বৰঃ সম্প্ৰতি বাঙালি যুৱ ছাত্ৰ ফেডাৰেচনৰ তিনিওটা গোটৰ একত্ৰীকৰণৰ চুড়ান্ত সিদ্ধান্ত গ্ৰহণ তিনিও গোটৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ । মধ্যস্থতাকাৰীৰ ভুমিকাত বাঙালি যৌথ সমন্বয় সমিতি,অসম। বিগত দুমাহত চাৰিখন কৈ সভা অনুস্থিত হয় যৌথ সমন্বয় সমিতিৰ সভাপতি তথা সদৌ অসম বাঙালি যুৱ ছাত্ৰ ফেডাৰেচনৰ প্ৰাক্তন সভাপতি সুকুমাৰ বিশ্বাসৰ উপস্থিতিত মূখ্য কাৰ্যালয়, ওদালবাক্ৰা, গুৱাহাটিত। পিছে তিনিওগৰাকী সভাপতিৰ সন্মতি সাপেক্ষে ১৬ অক্টোবৰত গুৱাহাটীত অনুষ্ঠিত হ’ব একত্ৰীকৰণ সম্পৰ্কীয় অন্তিমখন সভা । উক্ত সভাত উপস্থিত থাকিব তিনিওটা গোটৰ কেন্দ্ৰীয় নেতৃবৃন্দ। সেই সভাতেই ঘোষিত হ’ব তিনিওটা গোটৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ অন্তৰ্ভুক্তিৰে নতুন কেন্দ্ৰীয় সমিতি। আনকি সিদিনাৰ সভাতেই বাঙালি হিন্দুৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত বাঙালি যুৱ ছাত্ৰ ফেডাৰেচন আৰু বাঙালি যৌথ সমন্বয় সমিতি, অসমে কেবাটাও কাৰ্যসূচী ঘোষণা কৰাৰ পুৰ্ণ সম্ভাবনা আছে বুলি বাঙালি যৌথ সমন্বয় সমিতি,অসমৰ সভাপতি সুকুমাৰ বিশ্বাসে এক বিবৃতিযোগে জানিবলৈ দিয়ে।

Home অসম আৰু উত্তৰপূব বাঙালি যুৱ ছাত্ৰ ফেডাৰেচনৰ তিনিওটা গোটৰ একত্ৰীকৰণৰ চুড়ান্ত সিদ্ধান্ত গ্ৰহণঃ সুকুমাৰ বিশ্বাস