ৰঙিয়া, ২ছেপ্তেম্বৰঃ ৰঙিয়া জিলা অধিবেশনৰ লগত সংগতি ৰাখি গঠন কৰে এখন আহ্বায়ক সমিতি। ৰঙিয়াৰ ঐতিহ্যমণ্ডিত কৃষক শ্বহীদ ভৱনত অনুস্থিত হোৱা সভাত সভাপতিত্ব কৰে কেন্দ্ৰীয় পৰ্যবেক্ষক ৰাজেন তালুকদাৰে।উক্ত সভাত উপস্থিত থাকে বৰপেটা জিলাৰ উপ সভাপতি ৰঞ্জিত শৰ্মা,কামৰূপ জিলাৰ সাধাৰণ সম্পাদক যোগেন দাসৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি।সভাখনত চন্দন বৰ্মনক সভাপতি,মুকুল কলিতাক উপ সভাপতি,মুকুল হুছেইন আৰু ইব্ৰাহিম আলীক সাধৰণ সম্পাদক ৰিয়াজুদ্দিন আহমেদক বিত্তীয় সম্পাদক হিচাপে লৈ প্ৰায় ৩৩জনীয়া আহ্বায়ক সমিতি এখন গঠন কৰে।অহা ৫নবেম্বৰত অনুস্থিত হব লগিয়া ৰঙিয়া জিলা অধিবেশনখন সফলতাৰে চলাই নিবলৈ আহ্বান জনাই শীৰ্ষ মহলে দলীয় কৰ্মীসকলক। সম্প্রতি অধিবেশন অনুস্থিত হোৱাৰ প্ৰাকক্ষণত তীব্ৰতাৰে চলাইছে প্ৰস্তুতি।