বঙাইগাঁও,২৮ ছেপ্তেম্বৰঃ ভাৰতৰ বিভিন্ন ৰাজ্যৰ সাধু-সন্ত মহাৰাজ আৰু মুছলমান সমাজৰ সন্ত বিশিষ্ট সমাজ সেৱক মহম্মদ মেহতাব খা চান্দঁৰ উপস্থিতিত ২৫ চেপ্তেম্বৰ দেওবাৰে উত্তৰাখণ্ডৰ হৰিদ্বাৰ জিলাৰ হৃষিকেশৰ ভৰত নাৰায়ন মন্দিৰ প্ৰেক্ষাগৃহত অখিল ভাৰতীয় গো ৰক্ষা মহাসংঘৰ পঞ্চম বৰ্ষৰ ৰাষ্ট্ৰীয় অধিবেশন অনুষ্ঠিত হয় ৷ এই ৰাষ্ট্ৰীয় অধিবেশনত অসমৰ পৰা ৰাষ্ট্ৰীয সাধাৰণ সম্পাদক মৃগেন ভাগৱতীসহ ১৪ জনীয়া এটি গো ভক্ত কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰে ৷ প্ৰায় ১৮ খন ৰাজ্যৰ প্ৰতিনিধিৰে হোৱা এই ৰাষ্ট্ৰীয় অধিবেশনত অসমৰ অধ্যক্ষ দ্বীপেন শৰ্মা আৰু সাধাৰণ সম্পাদক কুসম শৰ্মাক গো ৰক্ষক সন্মানেৰে সন্মানিত কৰা হয়। বিভিন্ন ৰাজ্যত গো ৰক্ষাৰ অসুবিধা, গো সংবৰ্ধনত উপযুক্ত ব্যৱস্থা নথকা আদি বিষয় পৰ্য্যালোচনা কৰাৰ অন্তত অসমত অবাধে চলি থকা গো হত্যা, অবৈধ গো সৰবৰাহ ওপৰত বিতং আলোচনা কৰা হয়। ৰাষ্ট্ৰীয় সমিতিৰ সভাপতি কলিম ভাৰতীয়ে সমূহ বিষয়ববীয়া সহিতে চৰকাৰ আৰু জনসাধাৰণক গো মাতাৰ প্ৰতি দায়বদ্ধতা ৰক্ষা কৰিবলৈ আহ্বান জনায়। ডিব্ৰুগড়, নগাঁও, দক্ষিন শালমাৰা আৰু মানকাছাৰ এই তিনিখন জিলাক শ্ৰেষ্ঠ গো ৰক্ষক সমিতি হিচাপে ৰাষ্ট্ৰীয় সমিতিয়ে সন্মান প্ৰদান কৰে ৷