নিউজ ডেক্স,২৮ ছেপ্টেম্বৰঃ এটা প্ৰকাণ্ড গ্ৰহাণু পৃথিৱীৰ ফালে আহি আছে। এই সংঘৰ্ষৰ পৰা হাত সাৰিবলৈ নাছাৰ বিজ্ঞানীসকলে মহাকাশযানৰ সৈতে গ্ৰহাণুটোৰ দিশ ঘূৰাই দিছে। লক্ষ্য হৈছে গ্ৰহাণুটোক আন এটা কক্ষপথত ৰখা। সমগ্ৰ বিশ্ব এনে এক অভিযানৰ সাক্ষী হয়। এয়া সম্ভৱ হয় নাছাৰ ‘ডাৰ্ট’ মিছনৰ সৌজন্যত। যাৰ সম্পূৰ্ণ নাম, ‘ডাবল এষ্টেৰয়ড ৰিডাইৰেকচন টেষ্ট’। জানিব পৰা মতে সোমবাৰে স্থানীয় সময় অনুসৰি সন্ধিয়া ৭:১৫ বজাত নাছাৰ মহাকাশযানখনে সফলতাৰে গ্ৰহাণুটোত খুন্দা মাৰে। সেই সময়ত এই গ্ৰহাণুটো পৃথিৱীৰ পৰা এক কোটি কিলোমিটাৰ দূৰত্বত অৱস্থিত আছিল। কিন্তু নাছাৰ মতে এই গ্ৰহাণুৰ পৰা পৃথিৱীৰ কোনো বৃহৎ ক্ষতি নহয়। কিন্তু ভৱিষ্যতে যিকোনো বৃহৎ বিপদৰ পৰা এই অভিযানত সফল হোৱাটো নাছাৰ বাবে গুৰুত্বপূৰ্ণ আছিল। ডাৰ্ট অভিযানৰ বাবে ২০২১ চনৰ ২৪ নৱেম্বৰত মহাকাশলৈ প্ৰেৰণ কৰা হৈছিল এখন মহাকাশযান। শেহতীয়াকৈ বিজ্ঞানীসকলে Didymes নামৰ এবিধ গ্ৰহাণু পৃথিৱীৰ অতি ওচৰ চাপি অহা দেখিবলৈ পাইছে। ইয়াৰ ব্যাস ডেৰ-দুই হাজাৰ ফুট। ইয়াৰ ওপৰত ‘ম’হৰ চকু’ নামৰ শিল এটাও আছে। নাম ডাইমৰ্ফছ। মুঠতে এই গ্ৰহাণুটোৰ আকাৰ প্ৰায় ফুটবল খেলপথাৰৰ সমান। কিন্তু দুমাহৰ পাছতহে গম পোৱা যাব যে গ্ৰহাণুটোৰ কক্ষপথ সলনি হৈছে নে নাই। এই অভিযান সম্পূৰ্ণ সফল হ’লে নাছাই ইতিহাস ৰচনা কৰিব।