বঙাইগাঁও ১ অক্টোবৰ ঃবঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত শালমাৰাত ভয়াৱহ অগ্নিকাণ্ড সংগঠিত হয়। শালমাৰা গাওঁৰ মাজম আলীৰ ঘৰত এই অগ্নিকাণ্ড হয়।অগ্নিকাণ্ডৰ ফলত মাজম আলিৰ কেইবাটাও ঘৰ জুইত ভষ্মীভূত হোৱাত ঘৰৰ আচবাব পত্ৰ , নথিপত্ৰকে ধৰি এক লাখ টকাৰ সা-সম্পত্তি জুইত ভস্মীভূত হয় বুলি পৰিয়ালৰ লোকে জানিব দিয়ে।স্থানীয় ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত দুই ঘন্টা ধৰি চেষ্টাৰ ফলত জুই নুমাবলৈ সক্ষম হয় ।গেছ ছিলিণ্ডাৰ বিস্ফোৰণ আৰু বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সুত্ৰপাত হোৱা বুলি অনুমান কৰা হৈছে বুলি ৰাইজে সাংবাদিকৰ আগত মত পোষন কৰে।