ৰঙিয়া, ১অক্টোবৰঃপূজাৰ বতৰত সকলোৱে ব্যাস্ত নিজক লৈ বা পৰিয়ালক লৈ তেনে সময়তে ৰঙিয়া আঞ্চলিক জাতীয়তাবাদী যুৱ পৰিষদৰ নেতা কৰ্মী সকলক দেখা গ’ল সমাজৰ দায়বদ্ধতাত ব্যস্ত ।স্বচ্ছতাৰ প্ৰতি লক্ষ্য ৰাখি ৰঙিয়া কমলপুৰ সমষ্টিৰ সাৰ্বজনীন দুৰ্গা পূজা সমিতি সমুহক বিষেশ উপহাৰ প্ৰদান কৰে জাতীয়তাবাদী যুৱ পৰিষদে।সকলো পূজা মণ্ডপসমুহ পৰিস্কাৰ পৰিচ্ছন্নতা বজায় ৰখাৰ উদ্দেশ্যে প্ৰতিখন পূজা মণ্ডপত প্ৰদান কৰে তিনিটাকৈ ডাস্টবিন।ৰঙিয়া কমলপুৰ সমষ্টিৰ অতিকৈ পুৰণি কেইবাখনো পূজা মণ্ডপত প্ৰদান কৰে ডাস্টবিনসমূহ।এনেদৰে পূজাৰ বতৰত নিজক বা পৰিয়ালক লৈ ব্যস্ত নাথাকি সমাজৰ দায়বদ্ধতাত ব্যস্ত হোৱাক লৈ সংগঠনটোক শলাগিছে বিভিন্ন জনে।