বৰপেটা,২ অক্টোবৰঃবাক্সা জিলাৰ শালবাৰী মহকুমাৰ গোবৰ্ধনা খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত কাউৰপাৰা গাঁৱত দীৰ্ঘদীন ধৰি একাংশ অসাধু লোকে গাঁওখনৰ মাজেৰে বৈ যোৱা পল্লা নৈ খনত অবৈধভাৱে খনন কৰাক লৈ সাধাৰণ নৈ পৰীয়া ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জানিব পৰামতে অবৈধ বিদেশী মেচিনৰ জৰিয়তে বন বিভাগৰ কোনো ধৰণৰ অনুজ্ঞাপত্ৰ নোলোৱাকৈ কাউৰপাৰা অঞ্চলত পল্লানদীৰ পৰা দীৰ্ঘদিন ধৰি মাটি খনন কৰি আহিছে। পাইপৰ জৰিয়তে মাটি সমূহ অন্য ঠাইত বিক্ৰী কৰি মুনাফা লুটি আহিছে, ফলত হাজাৰ হাজাৰ টকাৰ ৰাজহৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে অসম চৰকাৰৰ বন বিভাগ। এই দৰে অবৈধ ভাৱে নদী খনৰ মাটি খনন কৰিলে যিকোনো মুহূৰ্তত উক্ত এলেকা গৰাখহনীয়া কৱলত পৰাৰ সম্ভাৱনা আছে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰি শংকাত ভুগিবলগীয়া হৈছে |শীঘ্ৰে উক্ত অবৈধ মেচিন সমূহ জব্দ কৰি খহনীয়া কৱলৰ পৰা কাউৰপাৰা অঞ্চল ৰক্ষা কৰিবলৈ বন বিভাগৰ উৰ্ধতন কৰ্তৃপক্ষৰ ওচৰত দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে। বিভাগীয় কৰ্তৃপক্ষই ৰাইজৰ দাবীৰ প্ৰতি কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়।