জামুগুৰিহাট, ২অক্টোবৰঃসমগ্ৰ ৰাজ্যতে উলহ মালহৰে পালন কৰা দেখা গৈছে শাৰদীয় দুৰ্গা পূজা । শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত উলহ মালহেৰে উদযাপন আৰম্ভ হৈছে দুৰ্গা পূজা । জামুগুৰিহাটৰ ইটাখোলাত এই বৰ্ষত দেখা গৈছে এক ব্যতিক্ৰমী পদক্ষেপ । দুৰ্গা পূজাৰ দশমী তথা মা দুৰ্গাক বিদায় দিয়াৰ দিনাই ইটাখোলা ব্যৱসায় কেন্দ্ৰৰ সমীপৰৰ খেলপথাৰত দহন কৰিব ৪০ ফুট উচ্চতাৰ ৰাৱনৰ প্ৰতিমূৰ্তি । তাকে লৈ এতিয়া দিনে নিশাই ব্যস্ত হৈ পৰিছে জামুগুৰিহাটৰ কেৰাণীপাম নিবাসী মূখা শিল্পী টংকেশ্বৰ শইকীয়া । শিল্পী টংকেশ্বৰে ভাওনাত ব্যৱহৃত বহু প্ৰতিমুৰ্তি বনোৱা দেখা গৈছিল যদিও এতিয়া তেওঁ পোনপ্ৰথমবাৰৰ বাবে ৪০ ফুট উচ্চতাৰ ৰাৱণৰ প্ৰতিমূৰ্তি তৈয়াৰ কৰাত দিনে নিশাই ব্যস্ত হৈ পৰা দেখা গৈছে ।