অৱশেষত গোলাঘাট জিলাৰ সৰুপথাৰৰ খৰাংপীড়িত কৃষকে ক্ষতিপূৰণ লাভ কৰিবলৈ সক্ষম হ’ল। বিধায়ক বিশ্বজিৎ ফুকন আৰু ৰাজহ মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত সৰুপথাৰৰ খৰাংপীড়িত কৃষকৰ মাজত শনিবাৰে আনুষ্ঠানিকভাৱে ক্ষতিপূৰণৰ আৰ্থিক সাহাৰ্যৰ চেক বিতৰণ কাৰ্যৰ শুভাৰম্ভ কৰা হয়। উল্লেখ্য যে বিগত ২০২১ বৰ্ষত ধনশিৰি মহকুমাক খৰাংপীড়িত অঞ্চল বুলি ঘোষণা কৰা হৈছিল। ফলত মহকুমাটোৰ ২৫৭৬০ জন কৃষকক প্ৰায় ৯ কোটিৰো অধিক টকা চৰকাৰী সাহাৰ্য হিচাপে প্ৰদানৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু চৰকাৰী ৰঙা ফিটাৰ মেৰপেচত পৰি কৃষক সকলে এই সাহাৰ্য্যৰ ধন বিগত এবছৰো লাভ কৰা নাছিল। অৱশেষত সমষ্টিটোৰ বিধায়ক বিশ্বজিৎ ফুকন আৰু ৰাজহ মন্ত্ৰী যোগেন মহনৰ তত্পৰতাত পলমকৈ হলেও খৰাংপীড়িত কৃষকৰ ক্ষতিপুৰণ প্ৰদানৰ কাম আৰম্ভ কৰা হয়। এই উপলক্ষে সৰুপথাৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত মন্ত্ৰী যোগেন মহন, বিধায়ক বিশ্বজিৎ ফুকন, উপায়ুক্ত উদয় প্ৰৱীন, মহকুমাধিপতি দিনছেংফা বৰুৱা আদি উপস্থিত থাকি ৪০ গৰাকী কৃষকক ক্ষতিপুৰনৰ চেক প্ৰদান কৰে।