গুৱাহাটী,৫ অক্টোবৰঃ বিজয়া দশমীৰ দিনটোত ৰাষ্ট্ৰীয় ক্ৰীড়াৰ পৰা অসমলৈ আহিল কেইবাটাও ভাল খবৰ। গুজৰাটত অনুষ্ঠিত হৈ থকা ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত অব্যাহত আছে অসমৰ খেলুৱৈৰ চমকপ্ৰদ সাফল্য। বুধবাৰে অসমলৈ আহিল কেইবাটাও পদক। লন বলৰ ডাবলছত স্বৰ্ণ জয় অসমৰ নয়নমণি শইকীয়া আৰু তানিয়া চৌধুৰীৰ। আনহাতে পুৰুষ আৰু মহিলাৰ ২০০ মিটাৰ ৱাটাৰ ফ্লাইত আস্থা চৌধুৰী আৰু বিক্ৰম চাংমাইৰ ৰূপৰ পদক অৰ্জন। ইয়াৰ পূৰ্বে আজি লনবলত দ্বিতীয়তো পদক লাভ কৰে অসমৰ মৃদুল বৰগোঁহায়ে। ব্যক্তিগত শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিলে মৃদুল বৰগোহাঁইয়ে। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় ক্ৰীড়াত লন বলত অসমে চমক সৃষ্টিৰে দুটা সোণ, এটা ৰূপ আৰু এটা ব্ৰঞ্জ অৰ্জন কৰে। পুতুল সোণোৱাল, আনন্দ নাৰ্জাৰী আৰু মৃদুল বৰগোহাঁইৰ দ্বাৰা গঠিত অসমৰ তিনিজনীয়া পুৰুষ দলে ফাইনেলত পশ্চিম বংগক ২৫-৬ৰ ব্যৱধানত পৰাস্ত কৰি সোণ লাভ কৰিবলৈ সক্ষম হয়। আনহাতে লন বলত অসমক দ্বিতীয়টো সোণ দিয়ে পুৰুষৰ ডাবলছত মৃদুল বৰা আৰু ৰূপতু গগৈয়ে। আনহাতে অসমৰ তানিয়া চৌধুৰী, বনগীতা হাজৰিকা,অনন্যা শইকীয়া আৰু অদিনীতা কাকতীৰ দ্বাৰা গঠিত মহিলা দলটোৱে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। ইফালে লন বলৰ মহিলাৰ একক শাখাৰ খেলত কমনৱেল্থ গেমছৰ স্বৰ্ণজয় অসম কন্যা নয়নমণি শইকীয়াই ব্ৰঞ্জ পদক জয় কৰে। আজি পুনৰ লন বলৰ ডাবলছত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হ’ল নয়নমণি শইকীয়া আৰু তানিয়া চৌধুৰী। উল্লেখ যে মঙলবাৰে ৰাষ্ট্ৰীয় ক্ৰীড়াত দ্বিতীয়টো স্বৰ্ণ পদক অৰ্জন কৰিছিল অম্লান বৰগোহাঁইয়ে। ২০০ মিটাৰ দৌৰত স্বৰ্ণ জয় কৰে অসমৰ অম্লান বৰগোহাঁইয়ে। উল্লেখ যে ৰাষ্ট্ৰীয় ক্ৰীড়াত অসম চতুৰ্দশ স্থানত আছে। এতিয়ালৈকে অসমে ছটা সোণৰ পদকৰ লগতে ৫ টা ৰূপ আৰু ৫ টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে।