জামুগুৰিহাট,৫ অক্টোবৰঃ হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত আজি জামুগুৰিহাটৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ জীয়া ভৰলীৰ দলঙৰ তলত বিসৰ্জন দিয়া হয় শতাধিক দূৰ্গা প্ৰতিমা। শোণিতপুৰ জিলা প্ৰশাসনে প্ৰতিমা বিসৰ্জনৰ ক্ষেত্ৰত বান্ধি দিয়া নিয়মাৱলী পালন কৰি সকলো আয়োজক সমিতিয়েই বিসৰ্জন দিয়ে প্ৰতিমা সমুহ। প্ৰতিমা বিসৰ্জনৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰিতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনৰ ফালৰ পৰা জীয়া ভৰলীৰ দলং সমীপত যথেষ্ট সংখ্যক আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ জোৱান মোতায়ন কৰা হয় । বৃহত্তৰ জামুগুৰিহাট অঞ্চলৰ জামুগুৰি, কুসুমটোলা, ধলাইবিল, টৌভঙা, নাহৰবাৰী, টুপিয়া, ৰঙাচকুৱা, মৰিসুতি,বালিজুৰ, ইটাখোলা অঞ্চলৰ পৰা অহা প্ৰতিমা সমুহ ধৰ্মীয় পৰম্পৰাৰে বিসৰ্জন দিয়া হয় ।বিগত দুটা বছৰৰ পাছত এইবাৰ মুক্ত পৰিৱেশত মুক্তমনে ৰাইজে শাৰদীয় দূৰ্গোৎসৱ উপভোগ কৰা দেখিবলৈ পোৱা গ’ল ।