গুৱাহাটী,৫ অক্টোবৰঃ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজতো গুৱাহাটী মহানগৰীত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ। প্ৰায়ে গুৱাহাটীত গ্ৰেপ্তাৰ হয় চোৰাং সৰবৰাহকাৰী। বুধবাৰেও আৰক্ষীয়ে চোৰাং গৰু জব্ধ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে সৰবৰাহকাৰী। পূব গুৱাহাটী আৰক্ষী সংমণ্ডলৰ (ই জি পি ডি) এটা দলে বুধবাৰে যোৰাবাট অঞ্চলৰ পৰা অবৈধভাৱে গৰু-ম’হ সৰবৰাহ কৰাৰ অপৰাধত দুজন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে জনোৱা মতে বশিষ্ঠ থানাৰ যোৰাবাট আৰক্ষী চকীৰ ই জি পি ডিৰ দলে যোৰাবাটত AS-01-EC-6384 নম্বৰৰ এখন টাটা ৪০৭ ট্ৰাক জব্দ কৰে। মৰিগাঁৱৰ পৰা বৰ্ণিহাটলৈ ১৪ টা গৰু সৰবৰাহ কৰিবলৈ গৈ থকাৰ সময়তে ট্ৰাকখন আৰক্ষীৰ হাতত ধৰা পৰে। অভিযান কালত আৰক্ষীয়ে ট্ৰাকখনত থকা দুজন লোকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা লোক দুজন লাডেন আলী আৰু মহিদুল আলী বুলি চিনাক্ত কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা দুয়োজন মৰিগাঁৱৰ মিকিৰভাটাৰ বাসিন্দা। উল্লেখ্য যে উপযুক্ত নথি পত্ৰ তথা অনুমতি অবিহনে অসমৰ যিকোনো স্থানৰ পৰা আন স্থানলৈ গৰু সৰবৰাহ কৰিব নোৱাৰে।