নিউজ ডেক্সঃএগৰাকী মহিলা। তেওঁ বৰ্তমান ২২ টা সন্তানৰ মাতৃ। কিন্তু তেওঁ ইমান সোনকালেই ৮০ তকৈ অধিক সন্তান বিচাৰে। ৰাচিয়াৰ ক্ৰিষ্টিনা ওজতুৰ্ক আৰু তেওঁৰ স্বামী গালিপে ২২ টা সন্তানৰ পিতৃ-মাতৃ হোৱাৰ গৌৰৱ অৰ্জন কৰিছে ।ক্ৰিষ্টিনা ওজতুৰ্কে প্ৰথম সন্তানক আদৰণি জনাই ১৭ বছৰ বয়সত । ক্ৰিষ্টিনাই তাইৰ ২১ টা সন্তানক চেৰোগেচীৰ জৰিয়তে জন্ম দিয়ে। তেওঁ সোনকালেই অধিক সন্তান বিচাৰে বাবেই এই পদক্ষেপটো লয় । যোৱা বছৰ, ক্ৰিষ্টিনাই এটা সাক্ষাৎকাৰত কয় যে তেওঁ প্ৰায় ১০৫ টা সন্তান জন্ম দিব বিচাৰে।উল্লেখ্য যে, দম্পতীহালে প্ৰথমতে প্ৰতি বছৰে এটাকৈ সন্তান জন্ম দিব বিচাৰিছিল। কিন্তু ক্ৰিষ্টিনাই সোনকালেই উপলব্ধি কৰিছিল যে তাইৰ শৰীৰে এই চাপ ল’ব নোৱাৰে। গতিকে তেওঁলোকে চেৰোগেচীৰ জৰিয়তে জন্ম দিয়ে । প্ৰতিটো শিশুৰ বাবে তেওঁলোকে ব্যয় কৰে প্ৰায় ১০ হাজাৰ ডলাৰকৈ !
