গুৱাহাটী,৭ অক্টোবৰঃ অসমৰ নিৰ্মাণখণ্ডত বিদেশী বিনিয়োগৰ লগতে এই ক্ষেত্রখনৰ উত্তৰণৰ বাবে আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকচাৰ ডেভেলপাৰ্ছ এছ’চিয়েশ্যন চমুকৈ এৰিডাই বিশেষ উদ্যোগ গ্ৰহণ কৰি আহিছে। বিশেষকৈ বিশ্বৰ বিভিন্ন ঠাইত এৰিডাই অনুষ্ঠিত কৰি আহিছে আন্তঃৰাষ্ট্ৰীয় সন্মিলন। প্ৰত্যেক বছৰৰ দৰে এইবাৰো ‘এৰিডা’ৰ উদ্যোগত ‘এৰিডা আন্তঃৰাষ্ট্ৰীয় সন্মিলন’ৰ (এ আই চি) আয়োজন কৰা হৈছে। এইবাৰ এই সন্মিলন তুৰস্কৰ ইস্তানবুলত অনুষ্ঠিত কৰা হৈছে। ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় এই সন্মিলনৰ বাবে এৰিডাৰ এটা প্ৰতিনিধি দল তুৰস্কৰ ইস্তানবুলত উপস্থিত হৈছে। উল্লেখ যে  ২০১৯ চনত ৰাছিয়াৰ মস্কোত অনুষ্ঠিত হোৱা অন্তিম সন্মিলনৰ দুবছৰৰ ব্যৱধানৰ পিছত এইবাৰ ইস্তানবুলত অনুষ্ঠিত কৰা হৈছে। ক’ভিডৰ পৰিস্থিতিৰ বাবে দুটা বছৰ এই সন্মিলন অনুষ্ঠিত হোৱা নাছিল। আন্তঃৰাষ্ট্ৰীয় এই সন্মিলন সন্দৰ্ভত ‘এৰিডা’ৰ সভাপতি পি কে শৰ্মাই কয় যে এৰিডাৰ প্ৰতিনিধিসকলে দেশৰ বিভিন্ন ৰাজ্যৰ লগতে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰ ভ্ৰমন কৰি শ্ৰেষ্ঠ পদ্ধতিৰ অভিজ্ঞতা অৰ্জন কৰাৰ লগতে স্থানীয় ব্যৱসায়িক সম্প্ৰদায় আৰু চৰকাৰী সংস্থাসমূহক জড়িত কৰাৰ বাবে কাম কৰি আহিছে। এৰিডাই অসমৰ পৰৱৰ্তী প্ৰজন্মৰ উদ্যোগীসকলক উদগণি যোগাবলৈ আৰু উৎসাহিত কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰাৰ উপৰি সমগ্ৰ বিশ্বতে অসমৰ সুকীয়া পৰিচয় দাঙি ধৰাৰ বাবেও কাম কৰি আহিছে। এই সন্মিলনৰ যোগেদি বিদেশী বিনিয়োগকাৰী সকলক উৎসাহিত কৰাৰ লগতে ব্যৱসায়ীক ক্ষেত্রখনৰ নতুন ধাৰা সম্পৰ্কে অধ্যয়ন কৰা হয়। শৰ্মাই লগতে কয় যে ইস্তানবুলৰ উপৰি এৰিডাৰ প্ৰতিনিধি দলটোৱে এণ্টালিয়া আৰু কাপ্পাড’কিয়া ভ্ৰমণ কৰিব।