গুৱাহাটী,৭ অক্টোবৰঃ অলেখ সপোন লৈ উত্তৰাখণ্ডলৈ গৈছিল গুৱাহাটীৰ দীপশিখা হাজৰিকা। সাহসী দীপশিখাই পৰ্বতাৰোহণকেই জীৱনৰ পণ হিচাপে লৈছিল। পৰ্বতাৰোহণৰ এডভাঞ্চ পাঠ্যক্ৰমৰ বাবে উত্তৰকাশীত থকা নেহেৰু ইনষ্টিটিউট অফ মাউণ্টেনিয়াৰিং চমুকৈ এন আই এমত নামভৰ্তি কৰিছিল দ্বীপশিখাই। এই প্ৰতিষ্ঠানটোৰ এডভাঞ্চ ক’ৰ্চৰ মুঠ ৩৪ গৰাকী প্ৰশিক্ষাৰ্থী আৰু ৭ গৰাকী প্ৰশিক্ষক উঠি গৈছিল হিমালয়লৈ। তাৰ পাছতে আহিছিল এক দুঃখবৰ। হিমস্খলনৰ ফলত সন্ধানহীন হৈছিল প্ৰশিক্ষণৰত পৰ্বতাৰোহী দলটোৰ। মৃত্যুৰ শোকাৱহ খবৰৰ মাজতে প্ৰায়বোৰৰ সন্ধান ওলাল যদিও সন্ধান ওলোৱা নাই অসমৰ দীপশিখা হাজৰিকাৰ। ২৮ বছৰীয়া দীপশিখাই চানমাৰি অভিযান্ত্ৰিক প্ৰতিষ্ঠানত চিভিলত ডিপ্লমা লৈ বেংগালুৰুত ইঞ্জিনিয়াৰিঙৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰিছিল। পৰ্বতাৰোহণ, ৰাফটিং আদি দুঃসাহসিক ক্ৰীড়াৰ সৈতে জড়িত দীপশিখা হাজৰিকা অসম পৰ্বতাৰোহণ সন্থাৰো প্ৰাক্তন সদস্য। ১৪ ছেপ্টেম্বৰত দীপশিখাই ঘৰৰ পৰা এডভাঞ্চ প্ৰশিক্ষণৰ বাবে উত্তৰকাশীলৈ ৰাওনা হৈছিল। দীপশিখাৰ পিতৃ গোলাপ হাজৰিকা গুৱাহাটী চিকিৎসা মহাবিদ্যলয়ত কৰ্মৰত। ২৩ ছেপ্টেম্বৰত এই প্ৰশিক্ষণৰত দলটো হিমস্খলন হোৱা পৰ্বতলৈ ৰাওনা হৈছিল। ২৫ ছেপ্টেম্বৰত তেওঁলোক বেচ কেম্পত আশ্ৰয় লৈ ৪ অক্টোবৰত দোৰকানি গ্লেছিয়াৰৰ দ্ৰৌপদী কী দাণ্ডা শৃংগলৈ গৈছিল। সুকলমে দলটোৱে শৃংগত আৰোহণ কৰি উভতাৰ পথত পুৱা প্ৰায় ৮ বাজি ৪৫ মিনিটত ভয়াৱহ হিমস্খলনৰ সন্মুখীন হয়। তাৰ পাছত সন্ধানহীন হৈ পৰা দীপশিখাৰ সন্ধান এতিয়ালৈকে ওলোৱা নাই। ১১ অক্টোবৰলৈকে আছিল এই এডভাঞ্চ প্ৰশিক্ষণৰ কাৰ্যসূচী। বেয়া বতৰৰ বাবে উদ্ধাৰ অভিযানটো যথেষ্ট অসুবিধা হৈছে উদ্ধাৰকাৰী দলটোৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্যোগ লৈ দীপশিখাৰ পিতৃ আৰু এজন ককায়েকক উত্তৰাখণ্ডলৈ যোৱাৰ ব্যৱস্থা কৰি দিছে। দীপশিখাৰ পিতৃ আৰু ককায়েক বিমানেৰে নতুন দিল্লীলৈ গৈ অসম ভৱনত নিশাটো কটাই ৬ অক্টোবৰত এখন বাহনেৰে উত্তৰাখণ্ডৰ উত্তৰকাশীলৈ ৰাওনা হৈছে। ৰাজ্য চৰকাৰে এগৰাকী আই এ এছ বিষয়া দীপশিখাৰ উদ্ধাৰ অভিযানৰ তদাৰকৰ বাবে উত্তৰাখণ্ডৰ চৰকাৰৰ সৈতে যোগাযোগ ৰাখিবলৈ দায়িত্ব অৰ্পণ কৰিছে। সন্ধানহীন হৈ থকা দীপশিখাক উদ্ধাৰৰ বাবে প্ৰাৰ্থনা জনাইছে অসম পৰ্বতাৰোহণ সন্থাই। তেওঁৰ সন্ধানহীনৰ খবৰে উদ্বিগ্ন কৰিছে পৰ্বতাৰোহণ সন্থাকো। এতিয়া অপেক্ষা মাথো সময়লৈ।