টীয়ক,৮ অক্টোবৰঃ ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ ফোপোলা স্বৰূপৰ জীয়া ছবি পুনৰ পৰিস্ফুত হৈছে টীয়কৰ একমাত্ৰ চিকিৎসাৰ ভৰষা টীয়ক এফ আৰ ইউত। উচ্চৰক্ত চাপত ভোগা টীয়কৰ জগদুৱাৰ সোণাৰী গাঁৱৰ নাৰায়ণ হাজৰিকা নামৰ এজন ৰোগীক জৰুৰীকালীন অৱস্থাত আনিছিল টীয়ক এপ আৰ ইউলৈ। সেই সময়ত কৰ্তব্যৰত অৱস্থাত থকা চিকিৎসক ডাঃ চালাহউদ্দিন আহমেদ গৈছিল নামাজ পঢ়িবলৈ। ৰোগীৰ আত্মীয়ই ডাক্তৰ নাপাই কৰ্মৰত অৱস্থা থকা নাৰ্চক কিবা এটা কৰি দিবলৈ অনুৰোধ জনাইছিল যদিও কোনো সহাৰি নাপাই আত্মীয়সকলে ততাতৈয়াকৈ ৰোগীক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায়। কিন্তু নিয়াৰ পথত ৰোগীজনে প্ৰাণ ত্যাগ কৰে। এই ঘটনাই এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ যে এইগৰাকী চিকিৎসকে পূৰ্বেও কৰ্তব্যৰ সময়ত চিকিৎসালয়ত ৰোগী এৰি থৈ নামাজ পঢ়িবলৈ বুলি ৮ কিলোমিটাৰ নিলগৰ কাকজানলৈ যায় বুলি অভিযোগ উত্থাপিত হৈছে। তদুপৰি ৰোগীসকলৰ লগতো দুব্যৱহাৰৰ লগতে কৰ্তব্যত সময় মতে উপস্থিত নথকাৰো অভিযোগ আছে। ইপিনে আজি পুৱা ৮ বজাৰ পৰা তেওঁ কৰ্তব্যৰত হ’ব লাগিছিল যদিও আজিও চিকিৎসকগৰাকী প্ৰায় ১১ বজাৰ পাছতহে চিকিৎসালয়ত উপস্থিত হোৱাৰ দৃশ্য কেমেৰাত বন্দী হৈছে। ইপিনে টীয়ক এফ আৰ ইউৰ অধীক্ষক গৰাকীৰ সৈতে হোৱা সাক্ষাতত তেওঁ জনাই যে অভিযুক্ত চিকিৎসকগৰাকীয়ে যে কৰ্মৰত অৱস্থাত নামাজলৈ যায় তেওঁ জ্ঞাত নহয় বা তেওঁক নজনোৱাকৈয়ে যায়।সেয়ে পুনৰ যাতে কৰ্মৰত সময়ত এনে ভুল নহয় তাৰ বাবে সকিয়নি প্ৰদান কৰিছে। লগতে টীয়কৰ দৰে বৃহৎ অঞ্চলৰ একমাত্ৰ ভৰষা উক্ত চিকিৎসালয়খনত এখন এম্বুলেঞ্চ নাপাই হতাশাত ভাগি পৰিছে পৰিয়ালটি। সেয়ে এনেবোৰ ঘটনা যাতে পুনৰ সংঘটিত নহয় বা এনে মনোবৃত্তিৰ চিকিৎসকৰ গোৰামীত যাতে পুনৰ নিৰীহ জনতাৰ প্ৰাণ নাযায় তাৰ বাবে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগক কাতৰ আহ্বান জনাইছে ভুক্তভোগী পৰিয়ালটোৱে।
