তিনিচুকীয়া ১১ অক্টোবৰ: তিনিচুকীয়া জিলাৰ ডুমডুমাত সংঘটিত এক চাঞ্চ্যল্যকৰ হত্যা কাণ্ডই জোকাৰি গৈছে সমগ্ৰ ডুমডুমাক নগৰক।কাশ্মীৰা খাতুন নামৰ এগৰাকী নৱবিবাহিতা মহিলাক হত্যা কৰিছে নিজৰে পষান স্বামীয়ে।আজি যোৱা নিশা ১২ মান বজাত ডুমডুমা উচামাটি ৰাষ্ট্ৰীয় ঘাইপথৰ আৰচিচিৰ দলঙৰ ওপৰৰ পৰা দলি মাৰি পেলাই দিছিল স্বামী চাবাজ মহম্মদে।জানিব পৰা মতে মৃত মহিলা গৰাকী ৪ মাহৰ অন্ত:সত্তা আছিল।আৰক্ষীয়ে ঘটনা বিষয়ে অৱৰ্গত হোৱা পিছতে ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতত ডুমডুমা আৰক্ষীয়ে ইতিমধ্যে ঘটনা লগত জড়িত হত্যাকাৰী পষান চাবাজ মহম্মদক আটক কৰিছে। সভ্য সমাজক লজ্বানত কৰা এই ঘৃণনীয় ঘটনাৰ উচিত তদন্তৰ আহ্বান জনাইছে ডুমডুমা মুছলিম পৰিষদে।