গুৱাহাটী,১১ অক্টোবৰঃ গুজৰাটত অনুষ্ঠিত হৈ থকা ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত তাৰকা বক্সাৰ শিৱ থাপাই লাভ কৰিলে ব্ৰঞ্জৰ পদক। মঙলবাৰে ছেমিফাইনেলত ছাৰ্ভিছেজৰ আকাশ কুমাৰৰ হাতত ৩-২ৰ ব্যৱধানত পৰাস্ত হয় থাপা। আনহাতে মহিলা বক্সিঙৰ ফাইনেলত প্ৰৱেশ কৰিছে অংকুশিতা বড়োৱে। বুধবাৰে স্বৰ্ণপদকৰ বাবে যুঁজ দিব ৰূপৰ পদক নিশ্চিত কৰা অংকুশিতা বড়োৱে। আনহাতে মহিলা বক্সিঙত ব্ৰঞ্জৰ পদক লাভ কৰিছে যমুনা বড়োৱে। সেইদৰে ফাইলাও বসুমতাৰীয়েও লাভ কৰে ব্ৰঞ্জৰ পদক। ইফালে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ইতিমধ্যে ফাইনেলত প্ৰৱেশ কৰা অলিম্পিক জয়ী লাভলিনা বৰগোহাঁয়ে কাইলৈ স্বৰ্ণপদকৰ বাবে যুঁজ দিব। বক্সিং, লনবল,এথলেটকে ধৰি কেইবাটাও ইভেণ্টত অসমৰ খেলুৱৈসকলে ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে।