যোৱা মাহৰ বিধ্বংসী বানপানীৰ পিছত জনসাধাৰণক ৰোগৰ পৰা ৰক্ষা কৰিবলৈ ভাৰতৰ পৰা ৬২ লাখ মহ জাল ক্ৰয় কৰিবলৈ মঙলবাৰে পাকিস্তান চৰকাৰে অনুমোদন জনায়।পাকিস্তানত চলিত বৰ্ষত বানপানীৰ বাবে ১৬০০ৰো অধিক লোকৰ মৃত্যু হৈছে।দেশখনৰ ৩২ খন বানাক্ৰান্ত জিলাত মেলেৰিয়া দ্ৰুতগতিত বিয়পি পৰিছে। হাজাৰ হাজাৰ শিশু মহৰ দ্বাৰা সংক্ৰমিত ৰোগত আক্ৰান্ত হৈছে।পাকিস্তানৰ বিষয়াসকলে জনোৱা মতে, বানপীড়িত অঞ্চলসমূহত মেলেৰিয়াৰ আৱিৰ্ভাৱ হোৱাৰ বাবে দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে যোৱা মাহত ভাৰতৰ পৰা আঠুৱা ক্ৰয় কৰাৰ অনুমতি ল’বলগীয়া হৈছিল।পাকিস্তানৰ বানপীড়িত লোকসকলৰ বাবে ভাৰতৰ পৰা আঠুৱা ক্ৰয় কৰিবলৈ গ্ল’বেল ফাণ্ডে বিশ্ব স্বাস্থ্য সংস্থাক আৰ্থিক সম্পদ প্ৰদান কৰিব।যোৱা মাহত বিশ্ব স্বাস্থ্য সংস্থাই বানপানীৰ ফলত সৃষ্টি হোৱা ৰোগৰ বাবে পাকিস্তানত দ্বিতীয়টো দুৰ্যোগৰ সম্ভাৱনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছিল।ডব্লিউ এইচ অ’ৰ সঞ্চালক প্ৰধান টেড্ৰ’ছ গেব্ৰেইছাছে কয় যে স্বাস্থ্য কেন্দ্ৰসমূহ বানপানীত বুৰ গৈছে।ঘৰৰ পৰা আঁতৰিব লগীয়া হৈছে মানুহ। লেতেৰা পানীৰ পৰা হোৱা ৰোগৰ আশংকা হ্ৰাস কৰিবলৈ পাকিস্তান চৰকাৰে বিশুদ্ধ খোৱাপানী আৰু শৌচাগাৰৰ ব্যৱস্থা কৰিছে ।
