গুৱাহাটী,১২ অক্টোবৰঃ বি চি চি আইৰ যুটীয়া সম্পাদক পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে অসম ক্ৰিকেট সন্থাৰ সম্পাদক তথা প্ৰাক্তন ৰঞ্জী খেলুৱৈ দেৱজিত শইকীয়াই। ১৮ অক্টোবৰত অনুষ্ঠিত হ’ব বি চি চি আইৰ নিৰ্বাচন। উল্লেখ যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদৰ সভাপতি পদৰ নিৰ্বাচনৰ সমান্তৰালকৈ অন্ত পৰিব ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ সভাপতিত্ব। খেলুৱৈ তথা সভাপতিত্ব জীৱনৰ সফল কাৰ্যক্ৰমণিকাৰ অন্ত পৰাৰ পাছত সৌৰভ গাংগুলীৰ আসনত উপৱিষ্ট হোৱাৰ সম্ভাৱনা আটাইতকৈ অধিক প্ৰাক্তন ক্ৰিকেটাৰ ৰজাৰ বিন্নীৰ। ৰজাৰ বিন্নী আছিল ১৯৮৩ চনৰ ঐতিহাসিক বিশ্বকাপ বিজয়ী দলৰ সদস্য। আনহাতে কেৱল সভাপতি পদৰ বাবেই নহয় বৰং আন বহু কেইটা পদৰ বাবে অনুষ্ঠিত হ’ব এই নিৰ্বাচন। সভাপতি, উপ সভাপতিৰ উপৰি যুটীয়া সম্পাদক পদৰ বাবে অনুষ্ঠিত হ’ব লগীয়া নিৰ্বাচনত মনোনয়ন দাখিল কৰিলে অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই। উল্লেখ্য যে দেৱজিৎ শইকীয়াই অসম ক্ৰিকেট সন্থাৰ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰি থকাৰ উপৰি প্ৰাক্তন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ আছিল। ১২ অক্টোবৰত অন্ত পৰিব মনোনয়ন দাখিলৰ অন্তিম সময়। এতিয়ালৈ মনোনয়ন দাখিল কৰা প্ৰাৰ্থীসকলৰ প্ৰকাশ পোৱা অনানুষ্ঠানিক তালিকা অনুসৰি বি চি চি আইৰ সভাপতি পদৰ বাবে ৰ’জাৰ বিন্নী, উপ সভাপতি পদৰ বাবে ৰাজীৱ শুক্লা, যুটীয়া সম্পাদক পদৰ বাবে দেৱজিৎ শইকীয়া আৰু ৰোহন জেটলী, কোষাধক্ষ্য পদৰ বাবে আশ্বিষ শ্বেলাৰ আৰু আই পি এলৰ অধ্যক্ষ পদৰ বাবে অৰুণ ধুমালে আগবঢ়াইছে মনোনয়ন।










