গুৱাহাটী,১২ অক্টোবৰঃ গুজৰাটত অনুষ্ঠিত হৈ থকা ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত চমকপ্ৰদ প্ৰদৰ্শনেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে দুই প্ৰতিভাৱান মহিলা বক্সাৰে। আশা কৰা ধৰণেই নিজৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰি লাভলিনা বৰগোঁহাইয়ে মহিলাৰ ৱেল্টাৰৱেইট শাখাত (৭০-৭৫ কিলোগ্ৰাম) স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয়। টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জ পদক জয়ী বক্সাৰ লাভলিনা বৰগোহাঁয়ে হাৰিয়ানাৰ স্বীতি বুৰাক পৰাস্ত কৰি স্বৰ্ণ জয় কৰে। ইফালে ইয়াৰ পূৰ্বে আজিৰ দিনটোতে আনগৰাকী অসম কন্যা অংকুশিতা বড়োয়েও ৰাষ্ট্ৰীয় ক্ৰীড়াত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয়। অংকুশিতা বড়োৱে ৬৬ কিলোগ্ৰাম শাখাত মণিপুৰৰ এলিনাৰ থাওনাওজামক পৰাস্ত কৰি এই কৃতিত্ব অৰ্জন কৰে। উল্লেখ্য যে অসমৰ আন তিনিগৰাকী প্ৰতিভাৱান বক্সাৰ ক্ৰমে শিৱ থাপা, যমুনা বড়ো আৰু ফাইলাও বসুমতাৰীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বক্সিঙত অসমলৈ পাঁচটাকৈ পদক আহিল।