গুৱাহাটী,১৩ অক্টোবৰঃ গুৱাহাটীৰ লাচিত নগৰত বৃহস্পতিবাৰে এক কৰুণ ঘটনা সংঘটিত হয়। তিনি মহলীয়া অট্টালিকাৰ পৰা পৰি নিহত হয় এজন শ্ৰমিক। শ্ৰমিকজনৰ নাম ভোলা বুলি জানিব পৰা গৈছে। গুৱাহাটীৰ লাচিত নগৰৰ জগন্নাথ এপাৰ্টমেণ্টত সংঘটিত হয় এই শোকাবহ ঘটনা। মহাদেৱ ডেকা নামৰ লোকজনৰ ভাতৃৰ ঘৰৰ নির্মাণকার্য চলি থকা অৱস্থাতে সংঘটিত হয় এই ঘটনা। অট্টালিকাটোৰ হাউচ নম্বৰ ৪২ৰ নিৰ্মাণ কাৰ্য চলি আছিল। অট্টালিকাটোৰ পৰা পৰি যোৱাৰ লগে লগে শ্ৰমিকজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।