ৰঙিয়া, ১৩অক্টোবৰঃদীৰ্ঘদিনে ছাত্ৰীৰ ওপৰত চলাই আহিছিল ছাত্ৰীৰ ওপৰত যৌন-নিৰ্যাতন।ৰঙিয়াৰ পদুম কুঁৱৰী কলেজিয়েট হাইস্কুলত সংঘটিত এই দুৰ্ভাগ্যজনক ঘটনা।শিক্ষক বিনোদ গোস্বামীৰ বিৰুদ্ধে এই অভিযোগ। এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীক মধ্যহ্ন ভোজনৰ সময়ত প্ৰায়ে গোপণ অংগত হাত দি চলাই আহিছিল যৌন নিৰ্যাতন। অৱশেষত সম্পৰ্কীয় ভায়েক এজনে এই ঘটনা প্ৰত্যক্ষ কৰি খবৰ দিয়ে পিতৃ মাতৃক।এই কথাৰ উমান পায় পলায়ন কৰে লম্পট শিক্ষক বিনোদ গোস্বামী।ইয়াৰ পিছতেই সৃষ্টি হয় এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ। বিদ্যালয়ত টলা লগাই দিয়াৰ হুংকাৰ স্থানীয় ৰাইজৰ।সম্প্ৰতি ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিবলৈ যো-জা।