হাটশিঙীমাৰী,১৯ অক্টোবৰঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাত থকা হাটশিঙীমাৰি অসামৰিক চিকিৎসালয়খনত চলিছে ৰোগীক চিকিৎসাৰ নামত ছিণ্ডিকেটৰাজ৷ এই অভিযোগ আমাৰ নহয় এই অভিযোগ হৈছে ভুক্তভোগী ৰোগীৰ লগতে জিলাখনৰ সচেতন মহলৰ৷ উল্লেখ যে চৰকাৰী চিকিৎসা বিভাগৰ নীতিনিয়ম মতে এজন চৰকাৰী চিকিৎসকে প্ৰেচক্ৰিপশ্বন সমূহত ঔষধৰ ব্ৰেণ্ড নাম লিখিব নোৱাৰে, লিখিব পাৰিব কম্পজিশ্বন। কিন্তু হাটশিঙীমাৰী অসামৰিক চিকিৎসালয় খনত দেখা যায় ইয়াৰ বিপৰীত দৃশ্য। ইয়াৰ চিকিৎসকে লিখা প্ৰেচক্ৰিপশ্বনৰ ৯৫ শতাংশ ঔষধ মনোপলি ব্ৰেণ্ডৰ। অৰ্থাৎ সেইসমূহ দৰৱ হস্পিটেল চৌহদৰ কাষত থকা বিশেষ এখন বা দুখন ফাৰ্মাচীতহে পোৱা যায়। বেলেগ কোনো ফাৰ্মাচী অথবা কোনো ঠাইত নাপায়। হাটশিঙীমাৰী অসামৰিক চিকিৎসালয়ত অনুসন্ধান কৰি গম পোৱা গৈছে যে চিকিৎসালয়ত থকা কেইজনমান চিকিৎসকৰে ২-৩ টা ব্ৰেণ্ডৰ লগত চুক্তিবদ্ধ কৰা আছে, যিটো ব্ৰেণ্ডৰ দৰব সেই বিশেষ চিকিৎসক সকলে লিখে, বেলেগ চিকিৎসকে নিলিখে। ইয়াৰ বিনিময়ত দৰব কোম্পানীৰ পৰা চিকিৎসক সকলে লাভ কৰে কমিছন। তদুপৰি পৰীক্ষাৰ বাবে ৰোগীক বিভিন্ন অজুহাতত বাহিৰৰ লেবৰেটৰীলৈ পঠিওৱা হয়। ইয়াতো কমিছনৰ অংক আছে। আনহাতে অসামৰিক চিকিৎসালয়খনত ৰোগীক বিভিন্ন ধৰণে হাৰাশান্তি কৰাৰো অভিযোগ আছে। জিলাখনৰ সচেতন ৰাইজে এইক্ষেত্রত চৰকাৰক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
