ৰঙিয়া, ১৯অক্টোবৰ:ৰঙিয়া আৰক্ষীয়ে আটক কৰে কোচবিহাৰৰ উত্তম পালক। কিন্তু কিয়? ঘটনাৰ বিৱৰণী অনুসৰি, গোপন সূত্ৰৰ পম খেদি, ৰঙিয়া আৰক্ষীয়ে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালাগাঁৱত এখন বাছত তালাচী চলায়।তালাচীৰ সময়ত বাহনখনৰ কেবিনৰ পৰা প্ৰায় ২ কেজি ৮০০ গ্ৰাম ৰূপৰ অলংকাৰ উদ্ধাৰ কৰে ৰঙিয়া আৰক্ষীয়ে।ইফালে বাছখনৰ চালক উত্তম পালক প্ৰশ্ন কৰাত ৰূপৰ অলংকাৰ খিনিৰ প্ৰয়োজনীয় নথি পত্ৰ দিয়াত ব্যৰ্থ হয়।তাৰপাছতে ৰঙিয়া আৰক্ষীয়ে চালক জনক আটক কৰে।উত্তম পালে ৰূপ কঢ়িয়াই অনা বাছখনৰ নম্বৰ হৈছে WB63B 5224.