চতিয়া ১৯অক্টোবৰঃপথ নে পুখুৰী ধৰিবই নোৱাৰি! এইয়া ৭৬ নং বিশ্বনাথ বিধান সভা সমষ্টিৰ অন্তৰ্গত বেজবৰুৱা পথৰ পৰা বোকাবিল যোৱা লোকনিৰ্মান বিভাগৰ পথ৷ পথৰ অৱস্থা দেখিলে আপোনাৰো চকু কপালত উঠিব। সদা ব্যস্ত এই পথ ছোৱাই চতিয়া দক্ষিণ অঞ্চলৰ বোকাবিল যোৱা যাতায়তৰ বাবে একমাত্ৰ আৰু মুল পথ। দৈনিক শ শ লোক আৰু স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে যাতায়তৰ নামত ভুগিব লাগে যমৰ যাতনা। কানসাৰ নাই জনপ্ৰতিনিধি আৰু বিভাগীয় কৰ্তৃপক্ষৰ।বিশ্বনাথ সমষ্টিৰ অন্তৰ্গত বোকাবিল যোৱা লোকনিৰ্মান বিভাগৰ এই পথ চোৱা বিগত বহু বছৰ ধৰি এনেদৰেই জৰাজীৰ্ণ অৱস্থাত আছে। মেৰামতি তথা পুনৰ নিৰ্মানৰ বাবে স্থানীয় ৰাইজে বহুবাৰ দাবী জনাইছিল যদিও গুৰুত্ব নাই স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰ কিম্বা লোকনিৰ্মান বিভাগৰ। শীঘ্ৰেই পথচোৱা মেৰামতিৰ বাবে দাবী জনাইছে স্থানীয় ৰাইজ তথা বিভিন্ন দল সংগঠন সমূহে। এতিয়া পথ ছোৱা নিৰ্মানৰ বাবে স্থানীয় বিধায়ক তথা লোক নিৰ্মাণ বিভাগে কি পদক্ষেপ লয় সেইয়া হে হ’ব লক্ষ্যণীয় ।

Home অসম আৰু উত্তৰপূব চতিয়াৰ দক্ষিণ অঞ্চলৰ এটা জৰাজীৰ্ণ গড়কাপ্তানী পথে যাতায়তৰ নামত জীয়াতু ভুগাইছে স্থানীয়...