গুৱাহাটী,২০ অক্টোবৰঃ অসমবাসীৰ বাবে ভাল খবৰ। এতিয়াৰ পৰা বিশ্বৰ যিকোনো প্রান্তৰ পৰাই অসমীয়াক এটা বিষয় হিচাপে লৈ স্নাতক শিক্ষা গ্ৰহণ কৰাৰ পথ প্রশস্ত হ’ল। আন্তঃৰাষ্ট্ৰীয় বিদ্যায়তনিক ক্ষেত্ৰখনত অসমীয়া বিষয়ৰ অন্তৰ্ভুক্তিৰে এই
সু-খবৰ কঢ়িয়াই আনিছে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় চমুকৈ ইগন’ই। ইগন’ৰ এই পদক্ষেপ সমগ্ৰ অসমীয়া ভাষা-সাহিত্যকে বিদ্যায়তনিক ক্ষেত্ৰত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এক ঐতিহাসিক পদক্ষেপ ৰূপে পৰিগণিত হৈছে। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন দেশৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয় ইগন’ই চলিত বৰ্ষৰ পৰা ভাৰতৰ আন কেইবাটাও ভাষাৰ লগতে স্নাতক পর্যায়ত অসমীয়া ভাষাৰ পাঠ্যক্ৰম আৰম্ভ কৰিছে। ইগন ‘ই মূলতঃ আধুনিক ভাৰতীয় ভাষাৰ (এম আই এল) এটা বিষয় হিচাপে অসমীয়া ভাষা-সাহিত্যৰ পাঠ্যক্ৰম মুকলি কৰাৰ পাছত বিশ্বৰ যিকোনো প্ৰান্তৰ পৰাই অসমীয়া বিষয়ক এম আই এল বিষয় হিচাপে লৈ স্নাতক শিক্ষা গ্ৰহণ কৰাটো সম্ভৱ হৈ পৰিল। উল্লেখ যে বর্তমানে দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু ভাষা অধ্যয়ন বিভাগ তথা কলকাতাৰ বিশ্ব ভাৰতীৰ আধুনিক ভাৰতীয় ভাষা বিভাগত অসমীয়া বিষয়টো এটা বিষয় হিচাপে অন্তর্ভুক্ত হৈ আছে। কিন্তু এই দুয়োখন উচ্চ শিক্ষানুষ্ঠানত মুখ্যতঃ অসমীয়া গৱেষণাৰহে বিষয়। ইয়াৰ বাহিৰে অসমৰ বাহিৰত দেশৰ কোনো বিশ্ববিদ্যালয়তে অসমীয়া বিষয়টো অধ্যয়নীয় বিষয় হিচাপে অন্তৰ্ভুক্ত কৰা হোৱা নাই। লক্ষণীয় যে ইগন’ই অসমীয়া ভাষা অন্তৰ্ভুক্ত কৰাৰ পাছত মুক্ত বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীয়ে ১৮টা বিষয়ত আধুনিক ভাৰতীয় ভাষাৰ (এম আই এল) বিষয় হিচাপে
গ্ৰহণ কৰাৰ বাট মুকলি হ’ল। ইতিমধ্যে চলিত বৰ্ষৰ বাবে নামভর্তি আৰম্ভ হৈছে আৰু বৰ্ষটোত ইগন’ৰ পৰা ১৬২জন শিক্ষাৰ্থীয়ে অসমীয়া বিষয়ক নিজৰ নিৰ্বাচিত বিষয় হিচাপে লৈ স্নাতক শ্রেণীত নামভর্তি কৰিছে। ইগন’ৰ এই পদক্ষেপৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়খনৰ মানৱিক অধ্যয়ন স্কুলৰ তদানীন্তন গুৰু মালতী মাথুৰে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আনহাতে এই পাঠ্যক্ৰমৰ বিষয় বিশেষজ্ঞ তথা শিকন পাঠ প্রস্তুতকৰণৰ সম্পাদক হিচাপে আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক ড° সত্যকাম বৰঠাকুৰ আৰু দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু ভাষা অধ্যয়ন বিভাগৰ সহযোগী অধ্যাপক ড° ৰত্নোত্তমা দাস। শিকন পাঠ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড° অৰ্পণা কোঁৱৰ, বিশ্বভাৰতীৰ অধ্যাপিকা ড° সংগীতা শইকীয়া, যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অধাপিকা ড° জ্যোতিৰেখা হাজৰিকা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° বিমল মজুমদাৰ, উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ (স্বতন্ত্র) অধ্যাপক ড° অৰবিন্দ ৰাজখোৱা, নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যাপক ড° মিলন নেওগ, তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড° জুৰি দত্ত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড° অনুৰাধা শৰ্মাৰ লগতে দুয়োগৰাকী সম্পাদকে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।
