নিউজ ডেক্স ঃ চুৰি কৰি থাকোতেই ৰাতিপুৱাল সেই কথা গম পোৱা নাছিল। ঘৰৰ ঘিতৰত নিজ কৰ্ম কৰি থাকোতেই বাহিৰত পোহৰ হ’ল! ৰাজপথত মানুহে খোজ কাঢ়িবলৈ আৰম্ভ কৰিছিল। চুৰি সামগ্ৰী লৈ ওলাই গ’লে মানুহে মাৰ-ধৰ কৰাটো নিশ্চিত। সেই কথা ভাবি চোৰে আৰক্ষীক ৯৯৯ নম্বৰত ফোন কৰি সহায় বিচাৰিলে। ফোন পোৱাৰ পিছতে আৰক্ষীয়ে উদ্ধাৰ কৰে চোৰজনক।বৰিশাল সদৰ উপজিলাৰ এ আৰ খা বজাৰত সংঘটিত হৈছে এই ঘটনা। এজন চল্লিশ বছৰীয়া ইয়াছিন খান নামৰ লোকে বজাৰৰ এখন গেলামালৰ দোকানত চুৰি কৰিবলৈ সোমাইছিল । দোকানৰ তলা ভাঙি প্ৰৱেশ কৰি বেগত কেইবাটাও বস্তু ভৰালে। কিন্তু দোকানৰ পৰা ওলাই আহোঁতে দেখিলে যে ৰাতিপুৱাল। ৰাস্তাৰে খোজ কাঢ়ি গৈ আছে মানুহ। কোনো ধৰণৰ ৰিস্ক নোলোৱাকৈ তেওঁ ৰাষ্ট্ৰীয় জৰুৰীকালীন নম্বৰত ৯৯৯ নম্বৰত ফোন কৰে।আৰক্ষীৰ সূত্ৰ অনুসৰি ইয়াছিনে তেওঁলোকক ফোন কৰি কয় যে তেওঁ হত্যা কৰিব পাৰে, সেয়ে বিপদত পৰিছে। তেওঁক সোনকালে উদ্ধাৰ কৰক । পাছতেই সেই স্থানলৈ আৰক্ষী আহি দোকানৰ ভিতৰৰ পৰা চোৰটোক উদ্ধাৰ কৰে। ইয়াছিনে আৰক্ষীৰ আগত স্বীকাৰ কৰে যে তেওঁ এজন পেছাদাৰী চোৰ।চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় য়াছিনক। আৰক্ষীৰ জোৱানসকলে কয় যে তেওঁলোকে নিজৰ কৰ্মজীৱনত এনে ঘটনা শুনা নাই।